ASSAM TIMES POST
বোকাখাত : বোকাখাত মহকুমাৰ মহুৰা মৌজাৰ অধীনৰ বৃহত্তৰ কমাৰগাঁও অঞ্চলল কমাৰগঁও ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু কমাৰগাঁও আৰক্ষী থানাই বিশ্বত সন্ত্ৰাসিত কৰ’ণা ভাইৰাছৰ পৰা অঞ্চলবাসীক মুক্ত কৰি ৰাখিবলৈ লোৱা পদক্ষেপক সকলােৱে শলাগ লৈছে। উল্লেখ্য যে কমাৰগাঁও ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ সমীপজ্যোতি বৰাৰ নেতৃত্বত এটা স্বাস্থ্য কর্মীৰ দল আৰু স্থানীয় আশা কর্মী সকলে দিনে-নিশাই নিজ কর্তব্য সম্পাদন কৰি আহিছে।
কমাৰগাঁও স্বাস্থ্য বিভাগৰ তৰফৰ পৰা অঞ্চলবাসীক সজাগ আৰু সচেতন কৰি ৰখাত আৰু স্বাস্থ্যৰ যতন লােৱাত সকলাে সময়তে নিয়োজিত হৈ থকাৰ পকিলক্ষিত হৈছে। ইফালে কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈ, উপ-পৰিদর্শক চাহজাহান আলি আৰু সহকাৰী উপ-পৰিদর্শক জিয়াউল ইছলামৰ নেতৃত্বত আৰক্ষী প্রশাসনেও সমান্তৰালভাৱে অঞ্চলবাসীক সজগ আৰু সচেতন কৰি কৰ’ণা ভাইৰাচৰ দৰে মহামাৰীৰ পৰা মুক্ত কৰি ৰাখিবলৈ নিজৰ দায়িত্ব আৰু কর্তব্য পালন কৰি আহিছে।
ইফালে লক-ডাউনৰ সুযোগ গ্ৰহণ কৰি মাদক দ্রব্যৰ ঘাটি পাতি ব্যবসায় কৰি থকা অসাধু ব্যবসায়ীৰ ঘাটি সমুহ উচ্ছেদ কৰিছে কমাৰগাঁও আৰক্ষীয়ে। এনে দুৰ্যোগৰ সময়ত কমাৰগাঁও আৰক্ষীয়ে উক্ত পদক্ষেপ গ্রহণ কণৰাত সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।
যি সময়ত কেন্দ্ৰীয় চৰকাৰৰ দূবাৰা ঘোষিত লক-ডাউন চলি থকাৰ ফলত জনসাধাৰণ স্ব-বন্দী হৈ আছে তেনে সময়তো নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি অঞ্চলবাসীক কৰ’ণা ভাইবাছৰ পৰা মুক্ত কলমৰি ৰাখিবলৈ কমাৰগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্র আৰু কমাৰগাঁও আৰক্ষী থানাই কবি থকা ত্যাগ আৰু কৰ্তব্যনিষ্ঠাক অঞ্চলবাসীয়ে শলাগ লৈছে।













