ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত :
সমগ্র বিশ্বতে মহামাৰী কৰ’ণা ভাইৰাছব সন্ত্রাস অব্যাহত। বর্তমান ভাৰতৰ লগতে অসমতাে ২১ দিনীয়া লক-ডাউন কার্যসূচী চলি আছে। ফলত কৰ’ণা ভাইৰাছৰ অক্টোপাছৰ পৰা মুক্ত হৈ থাকিবলৈ বাজ্য খনৰ চহৰ-নগৰ, গাঁও-ভূইৰ জনসাধাৰণে ঘৰতে স্বতঃস্ফূৰ্ট স্ব-বন্দী হৈ আছে।
ইফালে বোকাখাত মহকুমাৰ মহুৰা মৌজাৰ বৃহত্তৰ কমাৰগাঁও অঞ্চলৰ গৰিয়া বৰপথাৰ আৰু ন-পমুৱা গাঁওবাসীয়ে মূল পথত লক-ভাউনৰ অন্ত নপৰালৈকে বাঁহ বান্ধি বাহিৰা লােকৰ প্রবেশ নিষিদ্ধ আৰু গাঁৱৰ ৰাইজৰ বিনা কাৰণত ওলােৱা সােমোৱাত নিষেধাজ্ঞা জাৰি কৰি মূল পথ বন্ধ কৰিছে।
উল্লেখ্য যে সমগ্ৰ বিশ্বত সন্ত্ৰাসিত কৰ’ণা ভাইৰাছৰ ভয়াবহতাৰ প্রতি লক্ষ্য ৰাখি এই গাঁও দুখনৰ ৰাইজে এনে ধৰণৰ উমৈহতীয়া পদক্ষেপ গ্ৰহণ কৰিছে। গাঁওবাসীয়ে আনকি পথ বন্ধ কৰিবলৈ বান্ধি দিয়া বাঁহত “অচিনাকী লােকৰ প্রবেশ নিষিদ্ধ”, “লক-ডাউন” আদি ফলক লিখি আঁৰি দিছে।
সকলাে সময়ত গাঁও দুখনৰ ৰাইজ সজাগ হৈ আছে। বাহিৰত কর্মৰত কোনাে যুৱক বা ব্যক্তি গাঁওখনলৈ উভতি অহাৰ লগে লগে স্বাস্থ্য বিভাগ বা আৰক্ষীক বিষয়টো জ্ঞাত কৰি সজাগ আৰু সচেতনতা প্রদৰ্শন কৰি আহিছে। আনহাতে অঞ্চলটোল বহু লোকে ঘৰৰ জপনাৰ সন্মুখত অতিথি নাহিবলৈ আহ্বান জনাইও ফলক আঁৰি নিজে সজাগ থাকি আনকো সজাগ কৰা পৰিলক্ষিত হৈছে।













