ASSAM TIMES POST
জখলাবন্ধাঃ কৰ’না ভাইৰাছে আতংকময় পৰিস্থিতি সৃষ্টি কৰাৰ সময়ত জখলাবন্ধাৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে দেখুওৱা প্ৰশংসনীয় পদক্ষেপে আজি ৰাইজক সন্তোষিত কৰা পৰিলক্ষিত হ’ল । জানিব পৰা মতে, জখলাবন্ধা এফ আৰ ইউ চিকিৎসালয়খনৰসমূহ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ এক লাখ টকাৰ এখন চেক জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ হাতত প্ৰদান কৰে ।
নগাঁও আৰু শোণিতপুৰ জিলাৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যৱেক্ষণৰ দায়িত্বত থকা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আজি জখলাবন্ধা চিকিৎসালয়ত উপস্থিত হোৱাৰ সময়তে চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত বিষয়া ডা: ক্ষেমন্ত কুমাৰ শইকীয়াই উক্ত চেকখন মন্ত্ৰীগৰাকীৰ হাতত প্ৰদান কৰে । চেক প্ৰদান কৰা সময়ত কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগো উপস্থিত আছিল।













