ASSAM TIMES POST
কলিয়াবৰঃ কলিয়াবত দ্বিতীয় পৰ্যায়ৰ ছেনিটাইজাৰৰ কামৰ পৰ্যবেক্ষণ কৰে মন্ত্ৰী কেশৱ মহন্তয়। টাস্ক ফোৰ্চে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত বিভিন্ন কাৰ্যালয়, চিকিৎসালয়, ৰাজহুৱা স্থানসমূহত ছেনিটাইজাৰ কৰি থকা অৱস্থাত মন্ত্ৰীগৰাকীয়ে নিজে উপস্থিত থাকি তদাৰক কৰে। ইফালে, মন্ত্ৰীগৰাকীয়ে কলিয়াবৰ মহকুমা প্ৰশাসনৰ মুৰব্বীসকলৰ লগত এক আলোচনাত মিলিত হৈ সৰ্বসাধাৰণ ৰাইজে যাতে কোনে ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি গুৰুত্ব প্ৰদানৰ নিৰ্দেশ দিয়ে বিষয়াসকলক।













