ASSAM TIMES POST
গুৱাহাটীঃ মাৰাত্মক কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ সংগ্রামত আৰ্থিকভাৱে সহায় আগবঢ়াৱ কটন বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাই। শিক্ষক সন্থাই নিজৰ এদিনৰ দৰমহা চৰকাৰৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা কথা আজি এক বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে ঐতিহাসিক বিশ্ববিদ্যালয়খনৰ শিক্ষক সন্থা সভাপতি ডঃ সুৰেশ কুমাৰ নাথ আৰু সম্পাদিকা ডঃ ৰুমা তালিকদাৰে।
উল্লেখ যে, বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা কৰ’নাই শেহতীয়াভাৱে দেশত ধাৰণ কৰিছে ভয়ংকৰ ৰূপ । প্ৰতি মুহূৰ্ততে বৃদ্ধি হৈছে অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে আক্রান্ত সংখ্যা । ৰাজ্যত বৰ্তমান সময়লৈকে কোনো ব্যক্তি দেহত কৰ’না উপস্থিতি ধৰা পৰা নাই যদিও পৰিস্থিতি সৈতে মুকাবিলা কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে সাজু হৈছে ৰাজ্য সোণোৱাল চৰকাৰ তথা স্বাস্থ্য বিভাগ ।













