ASSAM TIMES POST
গুৱাহাটীঃ মাৰাত্মক কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে ৰাজ্যত ঘোষণা কৰা হৈছে লকডাউন । এই গুৰুত্বপূৰ্ণ সময়ছোৱাত জনতাৰ ন্যূনতম প্ৰয়োজনী সকলো যোগান বাহাল ৰখা বাবে গ্ৰহণ কৰিছে ব্যৱস্থা।
তাৰ মাজতে ৰাজ্যবাসী চিন্তিত হৈছিল ৰন্ধন কথাত । সেই সন্দৰ্ভত ইণ্ডিয়ান অইল অসম শাখাৰ মুখ্য মহাপ্ৰৱন্ধক জি. ৰমেশে দিছে ভাল খবৰ । অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত প্ৰয়োজনীয় ৰন্ধন গেছৰ চিলিণ্ডাৰ মজুত আছে । চিন্তাৰ কাৰণ নাই সময়মতেই গ্ৰাহকে পাব সকলো চিলিণ্ডাৰ ।
লকডাউনৰ সময়ত গ্ৰাহকে এছএমএছ জৰিয়তে ঘৰত লাভ কৰিব চিলিণ্ডাৰ বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে কয়, “চিলিণ্ডাৰ বুকিং কৰিবৰ বাবে গ্ৰাহকে ৭৬৭০০২৪৩৬৫ এই নম্বৰত এছএমএছ আৰু ৭৫৮৮৮৮৮৮২৪ নম্বৰত হোৱাটছ আপ কৰিলে হব”।
জানিবল লগা কথা এই যে গ্ৰাহকে দুয়োটা নম্বৰত ৰিফিল (Refile) লিখি এছএমএছ কৰিব লাগিব।
সবিশেষ জানিবলৈ ইণ্ডিয়ান অইল কৰপ’ৰেছনৰ ৱেবছাইটটোত সহায় ল’ব পাৰিব গ্ৰাহকসকলে।
গ্ৰাহকসকলক এপৰ জৰিয়তে চিলিণ্ডাৰ ল’বলৈ আহ্বান জনাই বিষয়া ৰমেশে । লগতে কয়, “প্ৰতিজন এলপিজি চিলিণ্ডাৰ যোগানকাৰীকে লকডাউনৰ সময়ত দিয়া হ’ব পৰিচয়-পত্ৰ যাতে বিতৰণৰ সময়ত যাতে কোনো অসুবিধাত নপৰে তেওঁলোক।













