ASSAM TIMES POST
গুৱাহাটী : লক ডাউনৰ সময়ত মহানগৰীত আৱকাৰী বিভাগৰ অভিযান।অভিযানত উচ্ছেদ অবৈধ সুৰা ভাটি। বিশেষ সূত্ৰ খবৰ অনুসৰি গুৱাহাটী হেঙেৰাবাৰী লিচুবগান স্থিত নামনি শিৱনগৰত আজি দুটা বৃহৎ সুৰাৰ ভাটিত অভিযান চলাই আৱকাৰী বিভাগে।অভিযানৰ সময় বিভাগে কেইবা লাখ টকা সুৰা প্ৰস্তুত কৰা সামগ্ৰী লগতে সুৰা ধ্বংস কৰে আৱকাৰী বিভাগে।
বিভাগে জনোৱা অনুসৰি অঞ্চলটো কলোৰাম ৰাভা নামৰ এগৰাকী ব্যক্তি ঘৰত চলে অভিযান।অভিযান সময়ত ব্যক্তিগৰাকীৰ পলাই যায় যদিও তাত কাম কৰা এগৰাকীৰ মহিলাক তেওঁলোক পায়। আৱকাৰী বিভাগৰ নতুন সংশোধীত আইন অনুসৰি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি উল্লেখ কৰে বিষয়া গৰাকীয়ে।উল্লেখ যে ৰাইজৰ অভিযোগ দীৰ্ঘদিন ধৰি চলি আছিল এই সুৰাৰ ভাটি কেইটা।













