ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
সমগ্ৰ বিশ্ব কৰ’ণা আতংকত ডুবি থকাৰ সময়তে বোকাখাতত এতিয়া কৰ’ণাতকৈ বেছি ভয়ংকৰ হৈ উঠিছে চুলাই মদ। ব্যাপকভাৱে প্ৰসাৰিত হৈছে চুলাই মদ সেৱন আৰু সৰবৰাহ। আৰক্ষীয়ে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে, তথাপি পুণৰ গঢ়ি উঠিছে নতুন নতুন ভাটী।
মানৱ শৃংখল ব্যাহত কৰিবলৈ দিবা-নৈশ ব্যস্ত আৰক্ষী এতিয়া নামি পৰিব লগীয়া হৈছে চুলাই শৃংখলা ৰোধিবলৈ। আজি পুৱাৰ ভাগতে বোকাখাত যান বাহন শাখাৰ পৰিদৰ্শক গোবিন কাকতিৰ নেতৃত্বত আৰক্ষী দলে ঘৰৰ আঁতৰত হাবিৰ মাজত নতুনকৈ স্থাপন কৰা কমেও সাতটা ভাটী উচ্ছেদ কৰিছে। ভাটীসমূহৰ পৰা দুষ্কৃতিকাৰী পলাই যায় যদিও ভালেসংখ্যক গুড়ৰ টিন, মদ বনোৱা সা-সৰঞ্জাম আৰক্ষীয়ে ভাঙি লণ্ডভণ্ড কৰিছে।


এই অভিযানত ‘পাছ’ আৰু চুলাইসহ প্ৰায় চাৰিহাজাৰ লিটাৰ মাদকদ্ৰব্য নষ্ট কৰা হৈছে। ইয়াৰে দুটামান ঘাটি লখৌজান এইচ পি পেট্ৰ’ল পাম্পৰ দক্ষিণ ফালৰ বুলি জানিব পৰা গৈছে। ইফালে সাম্প্ৰতিক কৰ’ণাতংকৰ সময়ত আইন শৃংখলাত নিয়োজিত আৰক্ষী নামিব লগা হৈছে মদৰ ঘাটি উচ্ছেদত। যোৱা কেইটা দিনত লক-ডাউনৰ আইন অমান্য কৰা ভালেসংখ্যক লোক চুলাই মদৰ লগত জড়িত বুলি নিশ্চিত হোৱা আৰক্ষী এইবাৰ পোনপটীয়াকৈ নামিছে চুলাই মদৰ বিৰুদ্ধে।
লক্ষ্যণীয় দিশটো হ’ল বোকাখাতত স্বয়ংসম্পূৰ্ণ এটা আবকাৰী বিভাগ আছে যদিও বিভাগটোৱে অবৈধ সুৰা বন্ধৰ বাবে যোৱা দিনকেইটাত কোনো অভিযান চলোৱা নাই। বৰঞ্চ বিভাগটোৰে সৈতে জড়িত একাংশ লোকৰ সৈতে অবৈধ চুলাই প্ৰস্তুতকাৰী, পাইকাৰী চুলাই সৰবৰাহকাৰী আৰু খুচুৰা বিক্ৰেতাই সমিলমিলেৰে কাম চলাই থকাৰহে অভিযোগ উঠিছে। ভোকাতুৰক খাদ্য, মানৱ-শৃংখল ৰোধ, যাতায়তৰ লগতে যানবাহান আৰু মদ প্ৰতিৰোধ এতিয়া সকলো আৰক্ষীয়ে কৰিবলগীয়া হোৱাত স্বাভাবিকতে ভাগৰুৱা এতিয়া বোকাখাতৰ আৰক্ষী।
নুমলীগড়ৰ ভিতৰুৱা গাঁৱত বাৰম্বাৰ উচ্ছেদ কৰিছে যদিও আজিও চুলাই প্ৰস্তুত কৰি থকাৰ খবৰ আমাৰ হাতত পৰিছে। একাংশ এজেণ্টে মুনাফাৰ বাবে চুলাই মদেহে কৰ’ণাৰ পৰা উদ্ধাৰ কৰিব পাৰিব বুলি প্ৰচাৰ চলোৱাত নতুন একাংশইও চুলাইত মুখ দিয়া বুলি জানিব পৰা গৈছে।
ইফালে বোকাখাতৰ ভকত চাপৰি এতিয়া চুলাই মদ উৎপাদনৰ শীৰ্ষত থকা বুলি সূত্ৰত প্ৰকাশ। বুধবাৰে নিশা এজনক গ্ৰেপ্তাৰৰ পাছত আন দুটা মাতব্বৰে চুলাই ভাটী খোলাৰ লগতে স্থানীয় সচেতন লোকক ভয় ভাবুকি প্ৰদান কৰিছিল। অৱশ্যে কালি এই দুজনকো আৰক্ষীয়ে আটক কৰিছে। তাৰ পাছতো অব্যাহত আছে চুলাই ভাটী আৰু চুলাই বজাৰ। চুলাই, ব্ৰয়লাৰ মাংসৰ জোৰত স্থাপন হৈছে জুৱাৰ আড্ডা। এই আড্ডাবোৰত গাত গা লগাই জুম বান্ধিছে ভালেসংখ্যক লোক।













