ASSAM TIMES POST
নিউজ ডেস্ক
ৰাজ্য মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ অধ্যক্ষতাত ক’ভিড-১৯ প্ৰতিৰোধ সম্পৰ্কীয় বৰ্তমানৰ স্থিতি আৰু কাৰ্যব্যৱস্থা সম্পৰ্কে পয্যালোচনা কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ টাস্ক ফৰ্চৰ নিয়মীয়া বৈঠক আজি দিছপুৰত অনুষ্ঠিত হয়।মাৰাত্মক ক’ৰনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সকলো গুৰুত্বপূৰ্ণ দিশ আলোচনাৰ পিছত মুখ্য সচিব গৰাকীয়ে প্ৰদান কৰে বহুকেইটা নির্দেশ।
তাৰ ভিতৰত আসাম ৰিলিফ মেনোৱেলচৰ নিয়ম অনুসৰি ৰাজ্য সকলো জিলা উপায়ুক্ত কোৱা হৈছে নগৰীয়া এলেকাত বসবাস কৰা আৰু আবদ্ধ হৈ থকা ৰিক্সাচালক, শ্ৰমিক সকলৰ দৰে দৈনিক শ্ৰম কৰি জীৱন নিৰ্বাহ কৰা ব্যক্তিসকলক ৭দিনৰ বাবে বিনামূলীয়া সামগ্ৰী যোগান ধৰিব লাগে।
একেদৰে নির্দেনাটোত উল্লেখ আছে ব্ৰেড, বিস্কুট, খোৱাপানী বটল আদি উৎপাদন গোট সমূহৰ লগতে ৰাইচ মিল, চিৰা মিল, আটা মিল আদিয়ে নূন্যতম কৰ্মচাৰী ৰাখি সামাজিক দূৰত্ব ৰক্ষা কৰি তেওঁলোকৰ উৎপাদনৰ কাম অব্যাহত ৰাখিব লাগিব।
কামৰূপ(ম) জিলা উপায়ুক্তই ভ্ৰাম্যমাণ বাহনৰ জড়িয়তে জিলাখনৰ ৬৬টা স্থানত শাক-পাচলিৰ যোগান ধৰা ব্যৱস্থা কৰিছে সেই ধাৰা মুখ্য সচিব গৰাকীয়ে অব্যাহত ৰাখিবলৈ কয়।লগতে কয় প্ৰয়োজনত সামৰি লোৱা এলেকা সংখ্যা বৃদ্ধি কৰক।













