ASSAM TIMES POST
নগাঁও : লকডাউনৰ সময়ছোৱাত নগাঁও চহৰৰ বাসিন্দাসকল ঘৰৰ পৰা বাহিৰ নোহোৱাকৈ ঘৰতে শাক- পাচলি ক্ৰয় কৰিব পৰাৰ এক পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। উল্লেখ্য, নগাঁও চহৰৰ দুখন পাচলি বজাৰত লকডাউনৰ নীতি নিৰ্দেশনা উলংঘা কৰি কালি যথেষ্ট সংখ্যক ব্যৱসায়ী আৰু গ্ৰাহকৰ সমাগম ঘটাত এক অভাবনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল ।

এনে পৰিস্থিতিত উক্ত বজাৰ দুখনত বিধায়ক শৰ্মা উপস্থিত হৈ কৰযোৰে ৰাইজক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰশাসনৰ সহযোগত বজাৰ দুখন বন্ধ কৰি দিয়ে। এই ঘটনাৰ পাচত বিধায়ক গৰাকীৰ তত্বাৱধানত আজি নগাঁও চহৰৰ পৌৰসভা এলেকাৰ অন্তৰ্গত অঞ্চল সমূহত ৭০ টকাৰ বিনিময়ত সূলভ মূল্যত জিকা,তিয়হ,বেঙেনা, বিলাহী,স্কোৱাছ,জলকীয়া আৰু কবি এই ৬ বিধ পাচলি থকা একোটা টোপোলা প্ৰতি ঘৰ লোকৰ পদুলিলৈকে গৈ যোগানৰ ব্যৱস্থা কৰা হয় ।
নগাঁও পৌৰসভাৰ ২৬ নং ৱাৰ্ডৰ চকীটুপ আৰু মিলনপুৰ অঞ্চলত আজি বাসিন্দাসকলৰ ঘৰৰ পদুলিলৈ গৈ নিৰ্ধাৰিত মূলত এই পাচলিসমূহ যোগান ধৰা হয়। বিধায়ক শৰ্মাই উক্ত অঞ্চলত এই পাচলি যোগান ব্যৱস্থাৰ তদাৰক কৰে। উল্লেখ্য, প্ৰতিদিনে নগাঁও পৌৰ সভাৰ অন্তৰ্গত ৱাৰ্ড সমূহত এনেদৰে শাকপাচলি যোগানৰ ব্যৱস্থা কৰা হব বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে।
বিধায়ক গৰাকীৰ এনে পদক্ষেপক নগাঁওবাসীয়ে আদৰণি জনাইছে । আনহাতে লকডাউনৰ নীতি নিৰ্দেশনা মানি সকলো লোককে ঘৰৰ ভিতৰত সোমাই থাকিবলৈ বিধায়ক গৰাকীয়ে আহ্বান জনায় ।













