ASSAM TIMES POST
হাজো : সমগ্র বিশ্ব ব্যাপি ক’ৰণা ভাইৰাছৰ আতংক অব্যাহত থকাৰ সময়তে একাংশ মদ ব্যবসায়ীয়ে চলাই আছে মদৰ বেপাৰ। তেনে এক ঘটনা সংঘটিত হল হাজোৰ ৰামদিয়াত।ৰামদিয়া কলবাৰী চুবাৰ দুল ভৰালী(৩৭) নামৰ যুবক জনে সুবিধা বুজি চুলাই মদ সংগ্ৰহ কৰি ঘৰতে দোকান পাতি বিক্ৰী কৰি থকাৰ সময়তে স্থানীয় আশা কৰ্মী এজনীৰ হস্তক্ষেপত একাংশ লোকে উদ্ধাৰ কৰে দুই বস্তা চুলাই মদৰ পেকেট।
চুলাই মদ ব্যবসায়ী দুলক ৰাইজে ধৰিবলৈ খেদি যায় যদিও পথাৰৰ মাজেৰে দৌৰি পলায়ন কৰিবলৈ সক্ষম হয়।ইপিনে ৰামদিয়া আৰক্ষীৰ সহযোগত ৰাইজে উদ্ধাৰ কৰা প্ৰায় এশ লিটাৰ চুলাই মদৰ পেকেট ব্যবসায়ী দুলৰ চোতালতে ফালি চিৰি বগৰাই দিয়ে।













