ASSAM TIMES POST
জামুগুৰিহাট : সমগ্ৰ ৰাজ্যতে লকডাউন চলি থকাৰ সময়তে জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মানিক বৰমুদৈৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে আজি সন্ধ্যা জামুগুৰিহাটৰ বামুনাবাৰি ওচৰৰ পৰা দুশৰো অধিক অৰুণাচলী সুৰাৰ বটল জব্দ কৰে । বিক্ৰীৰ বাবে লুকুৱাই থোৱা অৱস্থাত জব্দ কৰা সুৰাৰ বটলসমূহ আৰক্ষী যোৱাৰ পুৰ্বেই লুকুৱাই ৰাখিছিল কোনো সুৰা ব্যৱসায়ীয়ে । অৱশ্যে এই পৰ্যন্ত জব্দকৃত অৰুণাচলী সুৰাখিনিৰ লগত জড়িত ব্যক্তিগৰাকীৰ তথ্য এতিয়াও পোহৰলৈ অহা নাই ।













