ASSAM TIMES POST
বাহাৰঘাট : সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ইয়াৰ প্ৰতিৰোধ কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন পন্থা। ইয়াৰ ব্যতিক্ৰম নহয় নলবাৰীও । বিগত দিনত প্ৰশাসনে নলবাৰী চহৰত বাটে/ ঘাটে কীটাণু নাশক দ্ৰব্য ছটিয়াই ছেনিটাইজেছনৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । কিন্তু প্ৰশাসনিক বিষয়া বা কৰ্মচাৰীৰ লগতে আৰক্ষীয়ে দিনে নিশাই ব্যৱহাৰ কৰা বাহনবোৰো হ’ব পাৰে শংকাৰ কাৰণ ।

এই উদ্দেশ্য আজিৰে পৰা নলবাৰী ভাগ্যশ্ৰী টাটা মটাৰ্চৰ স্বাত্ত্বাধিকাৰী তথা বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ দাসৰ নেতৃত্বত নামনি অসমৰ আৰক্ষী প্ৰশাসনৰ যান-বাহনৰ জৰিয়তে হ’ব পৰা কৰ’না ভাইৰাছৰ সংক্ৰমণক ৰোধৰ বাবে উক্ত প্ৰশাসনৰ বাহনবোৰ ছেনিটাইজেচন কৰাৰ বাবে বিনামূলীয়া ব্যৱস্থা হাতত লোৱা দেখা গৈছে । নলবাৰীৰ বিশিষ্ট উদ্যোগী যুৱক দিলীপ কুমাৰ দাস সংবাদ মাধ্যমক কয় আমাৰ নলবাৰীৰ ভাগ্যশ্ৰী টাটা মটাৰ্চত আজিৰে পৰা নামনি অসমৰ আৰক্ষী প্ৰশাসনৰ গাড়ী-মটৰসমুহ সম্পূৰ্ণ বিনামূলীয়াভাৱে ছেনিটাইজেচন কৰাৰ প্ৰক্ৰিয়া হাতত লৈছে ।
ইতিমধ্যে আজি নলবাৰী জিলা উপায়ুক্তৰ বাহনকে ধৰি কেবাগৰাকী প্ৰশাসনিক বিষয়া তথা কৰ্মচাৰী আৰু আৰক্ষীয়ে ব্যৱহাৰ কৰা এই বাহনবোৰ ছেনিটাইজেচনৰ কৰি দিয়া বুলি দাসে সদৰী কৰে। দাসে কয় যে, মহামাৰী কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে অসমৰ আৰক্ষী প্ৰশাসনৰ ভুমিকা উল্লেখিনিও। লগতে দাসে ইয়াকো কয় যে কৰ’না ভাইৰাছক লৈ জনসাধাৰণৰ আংকিত নহৈ চৰকাৰৰ নীতি-নিয়ম পালন কৰি সজাগ হৈ গৃহতে থাকিবলৈ আহ্বান জনায়। ভাগ্যশ্ৰী টাটা মটৰ্চৰ স্বত্বাধিকাৰ দিলীপ কুমাৰ দাসে স্বেচ্ছাই কৰিছে এই কাম । সমাজকৰ্মী দিলীপ কুমাৰ দাসৰ এনে পদক্ষেপক নলবাৰীৰ সচেতন লোকৰ লগতে বিভিন্ন মহলে আদৰণি জনাইছে ।













