ASSAM TIMES POST
গুৱাহাটীঃ যোগান বিভাগৰ সোপা-ধিলা নীতিৰ বাবে লকডাউনৰ সুযোগ গ্ৰহণ কৰি গুৱাহাটী পাইকাৰী বজাৰত আলুৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে । লকডাউনৰ সুবিধালৈ গুৱাহাটীৰ গুদামত কেজি সলনি বেগ হিচাপত নিৰ্ধাৰণ হৈছে আলুৰ মূল্য। গুদামত প্ৰতি বেগ আলু খুচুৰা দোকানীসকলে ক্ৰয় কৰিব লগা হৈছে ১৬০০-১৭৫০ টকাত ।
গুৰুত্বপূৰ্ণ কথা এই যে, গুদামসমূহত আলু কেজি বিপৰীতে বেগ হিচাপত দাম নিধাৰণ হোৱা বাবে ব্যৱসায়ীসকলে ৰাইজক আলু যোগান ধৰিব লগা হৈছে ৩৫-৩৮ টকাত ।

উল্লেখ যে, মাৰাত্মক কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশৰ লগতে ৰাজ্যত ২১ দিনৰ বাবে ঘোষণা কৰা হৈছে লকডাউন । ২১ দিনৰ লকডাউন এক সপ্তাহ সম্পূৰ্ণ নহওতে প্ৰতি কেজি আলুত গুৱাহাটীত বৃদ্ধি পাইছে ১৫-২০ টকা । তাৰ পিছতো ৰাজ্য যোগান বিভাগৰ গুৰুত্বহীনতাই চিন্তিত কৰিছে জনতাক ।













