ASSAM TIMES POST
জামুগুৰিহাট : অসমত পোন প্ৰথমবাৰৰ বাবে ইংৰাজী ভাওনা কৰি জনপ্ৰিয়তা অৰ্জন কৰা অৰূপ শইকীয়াই ছাত্ৰ-ছাত্ৰীসকলক বন্ধৰ সময়ত যাতে বহুমূলীয়া সময় অপচয় নহয় তাৰ কাৰণে অনলাইন পাঠদান আৰম্ভ কৰিছে । দিল্লী বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা শইকীয়াই ঘৰৰ পৰাই আৰম্ভ কৰিছে MBA পাঠ্যক্ৰম । বৰ্তমান যুগৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে কাৰিকৰী তথা ব্যৱহাৰিক শিক্ষা বৰ প্ৰয়োজন ।
আজিৰ সমাজত Management ৰ চাহিদা অধিক । ইয়াৰ কাৰণে বহু মাছুল দি tuition কৰিব লাগে । কিন্তু আজৰি সময়ত এনেদৰে social mediaৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলে অলপ হ’লেও জ্ঞান আহৰণ কৰিব পাৰিব । শিল্প কৰ্মৰ উপৰিও বিদ্যায়তনিক দিশত ছাত্ৰ-ছাত্ৰীসকলক মনোনিবেশ কৰোৱাৰ কাৰণে এই প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে ।













