ASSAM TIMES POST
নগাঁও : মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ প্ৰভাৱ আজি নগাঁৱত ব্যাপক ৰূপত পৰা পৰিলক্ষিত হয়। বিগত চাৰিটা দিনত জিলাখনৰ বিভিন্ন অঞ্চলত একাংশ লোকে লকডাউনৰ নীতি উলংঘা কৰি এক বিশৃংখল পৰিস্থিতি সৃষ্টি কৰিছিল যদিও আজি ইয়াৰ সম্পূৰ্ণ এক বিপৰীত পৰিবেশে বিৰাজ কৰা দেখা যায়।
জিলাখনৰ অধিকাংশ অঞ্চলত জনসাধাৰণে প্ৰায় সৰ্বাত্মক ৰূপত লকডাউন মানি চলা পৰিলক্ষিত হয় । আজি লকডাউনৰ পঞ্চম দিনটোত জিলাখনৰ জনসাধাৰণে শৃংখলিত ৰূপত অসম চৰকাৰ, স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে দিয়া নিৰ্দেশনা আৰু আহ্বানৰ প্ৰতি সঁহাৰি জনাই অদৃশ্য ঘাতক কৰোনা ভাইৰাছৰ ভয়াবহতা উপলব্ধি কৰি জিলাখনৰ প্ৰায় সকলো লোকেই আজি নিজকে ঘৰতে আবদ্ধ থাকি লকডাউনৰ প্ৰতি ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হয়।

প্ৰাপ্ত খবৰ মতে, জিলাখনৰ চামগুৰি, পুৰণিগুদামকে ধৰি কেবাখনো গাঁৱৰ ৰাইজে সেই গাঁও সমূহলৈ আন গাঁৱৰ লোকৰ আহ যাহ বন্ধ কৰি কৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ ফলক আঁৰি থোৱা দেখা যায়। ইপিনে নগাঁও জিলাত আজি জনসাধাৰণে প্ৰায় সৰ্বাত্মক ৰূপত লকডাউন পালন কৰাৰ পিছতো কিছু কিছু স্থানত একাংশ উদণ্ড যুৱকে বাইক চলাই পাইচাৰি কৰা দেখা যায়। জিলাখনৰ জুৰীয়া, চামগুৰি, কচুৱা, কদমনি আদি অঞ্চলত একাংশ যুৱকে লকডাউনৰ নীতি অৱমাননা কৰি বাইক চলাই থকা পৰিলক্ষিত হয় ।
পিছত এই সকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় । জুৰীয়া থানাৰ ভাৰ প্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে জুৰীয়া অঞ্চলত অভিযান চলাই পাঁচখন বাইক জব্দ কৰে যদিও বাইক আৰোহীসকল পলাই যাবলৈ সক্ষম হয় । জিলাখনৰ কেতবোৰ অঞ্চলত একাংশ লোকে সমূহীয়া ভাবে বিল, খাল আদিত মাছ মাৰে যদিও আৰক্ষীৰ লোক দেখাৰ লগে পলায়ন কৰে ।
ইপিনে, জিলাখনৰ কলিয়াবৰ আৰক্ষী থানাৰ অধীনস্থ শিলঘাট আৰক্ষী চকীৰ অন্তৰ্গত কলিয়াবৰ চাহ বাগিচাৰ গৃহ পৰ্যবেক্ষণত থকা এজন যুৱক অঞ্চলটোত ঘুৰি ফুৰাত ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হয় । পিছত একাংশ লোকৰ লগতে স্থানীয় সাংবাদিকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনৰ সন্ধানত অভিযান চলাই যদিও আৰক্ষীক দেখি যুৱকজনে পলায়ন কৰে।













