ASSAM TIMES POST
নগাঁও : সমগ্ৰ দেশৰ লগতে অসমতো কৰোনা ভাইৰাছ কভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ ৰাজ্য চৰকাৰ আৰু প্ৰধান মন্ত্ৰীয়ে শেহতীয়াকৈ ঘোষণা কৰা ২১ দিনীয়া লকডাউন কাৰ্যসূচী পালনৰ লগতে ৰাজ্য চৰকাৰখনে সামগ্ৰিক পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ যি যুদ্ধকালীন তৎপৰতাৰে কাৰ্যসূচী হাতত লৈছে তাত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ নগাঁৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক-বিষয়া-কৰ্মচাৰীয়সকলে সদ্যহতে প্ৰত্যেকে এদিনৰ দৰমহা “অসম আৰোগ্য নিধিলৈ” আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাৰ তৎপৰতাত বিশ্ববিদ্যালয় পৰিয়ালে লোৱা এই সিদ্ধান্তৰ কথা সংবাদ মাধ্যমক জানিবলৈ দিছে বিশ্ববিদ্যালয়খনৰ জনসম্পৰ্কৰক্ষী বিষয়া গৌৰী প্ৰসাদ শৰ্মাই ৷ একেদৰে নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী কল্লোলে মুখ্যমন্ত্ৰীৰ অসম আৰোগ্য নিধিলৈ পঞ্চাশ হেজাৰ টকাৰ এটি বৰঙনি একাউণ্ট যোগে আগবঢ়ায়।কৰ’না মহামাৰীৰ পৰা পৰিত্ৰাণৰ বাবে চৰকাৰী নিৰ্দেশনা কঠোৰ ভাবে সকলোকে পালন কৰিবলৈও কল্লোলৰ সভাপতি লোহিত কলিতা আৰু সম্পাদক নৌচাদ আখতাৰ হাজৰিকাই আহ্বান জনাইছে।
ইপিনে এই সংকটৰ সময়ত অসমৰ প্ৰায় ৫০০ গৰাকী প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহীয়া মঞ্চ “অসম উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ”ৰ প্ৰতিগৰাকী সদস্যই এদিনৰ দৰমহা চৰকাৰলৈ বৰঙণি হিচাপে আগবঢ়োৱাৰ উপৰিও অতিৰিক্তভাবে প্ৰতিগৰাকী অধ্যক্ষই গাইপতি দুহেজাৰ টকাকৈ অসম আৰোগ্য নিধিলৈ বৰঙণি আগবঢ়াবলৈও সিদ্ধান্ত গ্ৰহণ কৰিছে ।এই সম্পৰ্কে মঞ্চৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী কল্পনা গগৈ আৰু সাধাৰণ সম্পাদক আবুল হাচেম আল-আমানে জানিবলৈ দিয়ে ।













