ASSAM TIMES POST
ডবকাঃ দেশজুৰি লকডাউন চলি থকাৰ সময়ত ডবকা পৌৰসভাই গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ যোৱা দুদিনৰ পৰা পৌৰসভাই নগৰ সমিতি অঞ্চলত বাট-পথ, দোকান-পোহাৰত ছেনেটাইজেচন কৰি পৰিস্কাৰ কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে ৷ ডবকা পৌৰসভাৰ অধ্যক্ষ শিবুৰঞ্জন দত্ত, কাৰ্যবাহী বিষয়া সজীৱ দাসৰ তৎপৰতাত এই কাম হয় ৷ পৌৰসভাৰ জ্যেষ্ঠ সহায়ক মইনুল হকে এই কামৰ তদাৰক কৰে ৷ ডবকা অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলৰ কামক শলাগিছে ডবকাৰ ৰাইজে ৷













