ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাত : কৰ’না ভাৰাইচৰ সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে এতিয়া লকডাউন প্ৰক্ৰিয়া বলবৎ আছে ৷ দেশবাসীৰ সাময়িক অসুবিধাক ত্যাগৰ দৃষ্টিৰে লৈ জনস্বাস্থ্য সুৰক্ষিত কৰাৰ স্বাৰ্থত কৰ’না ভাইৰাচৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই লকডাউনৰ সময়চোৱাত সৰ্বসাধাৰণ লোকৰ অভাৱ পূৰ্ণৰ বাবে বৰ্তমান সময়ত ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে প্ৰস্তুত আছে বুলি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই আজি বোকাখাতৰ সাংবাদিকৰ সমুখত ব্যক্ত কৰে। কৰ’না প্ৰতিৰোধৰ বাবে গোলাঘাট আৰু যোৰহাট জিলাৰ নিৰীক্ষকৰ দ্বায়িত্ব পোৱা কৃষিমন্ত্ৰী অতুল বৰাই আজি বোকাখাত মহকুমাৰ মহকুমাধিপতী কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য বিভাগৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷

মন্ত্ৰীজনে দৈনিক বজাৰ পৰিদৰ্শন কৰি ছেনিটাৰাইজেচন ব্যৱস্থাৰো বুজ লয় ৷ কহঁৰা আদৰ্শ চিকিৎসালয়ত ১১ খন বিছনা সাজু কৰাৰ লগতে আপদকালীন সময়ত ব্যৱহাৰৰ বাবে হোটেলসমুহো বুক কৰি থোৱাৰ কথা জানিবলৈ দিয়ে ৷ লকডাইনৰ সময়ত নাগৰিকৰ পাচলিৰ অভাৱ নহব বুলিও কৃষি মন্ত্ৰীজনে জনাই ৷ কৃষিখণ্ডত উৎপাদন অব্যাহত থাকিব বুলি কোৱাৰ লগতে মন্ত্ৰী অতুল বৰাই কৰ’নাৰ বিপক্ষে যুঁজিবৰ বাবে নাগৰিকক সামাজিক দুৰত্ব বজাই ৰখাৰ আহ্বান জনোৱাৰ লগতে বোকাখাত মহকুমা প্ৰশাসন সম্পূৰ্ণ সাজু বুলিও কয় ৷

বৰ্তমান সময়ত কৰ’না ভাইৰাচৰ সংক্ৰমণ ৰোধৰ বাবে স্থানীয় মহকুমা প্ৰশাসনে বোকাখাত নগৰত দোকানসমূহত ছেনিটাইজাৰৰ ব্যৱস্থা কৰিছে ৷ সমান্তৰালকৈ কৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে মুখ্যমন্ত্ৰীৰ অসম আৰোগ্য নিধিলৈ কাজিৰঙাৰ জীপ ছাফাৰী সন্থাই ৫০ হাজাৰ টকাৰ চেক মন্ত্ৰীগৰাকীক প্ৰদান কৰাৰ লগতে বোকাখাতৰ নুমলীগড় চাহ বাগিচাৰ প্ৰাক্তন কৰ্মচাৰী জয়চন্দ্ৰ শইকীয়াই ব্যক্তিগতভাৱে ১০ হাজাৰ টকা আগবঢ়ায় ৷ ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে বোকাখাত নগৰৰ স্থানীয় ব্যৱসায়ীসকলৰ সৈতেও মত বিনিময় কৰে ৷













