ASSAM TIMES POST
হাজো : হাজোত স্বাস্থ্য কৰ্মীক প্ৰহাৰ কৰা কাণ্ডৰ সৈতে জড়িত পলাতক যুৱক আৰক্ষীৰ জালত । কালি হাজোৰ বৰ্ণিত এগৰাকী স্বাস্থ্য কৰ্মীক স্বাস্থ্য পৰীক্ষা কৰিবলৈ যাওতে প্ৰহাৰ কৰি পলায়ন কৰা যুৱকজনক আজি হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । বহি:ৰাজ্যত কৰ্মৰত হৈ থাকি নিজ গৃহলৈ উভতি স্বাস্থ্য বিভাগৰ নিৰীক্ষণত থকা ধৃত যুৱকজন হৈছে হাজো আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ণিৰ পশ্চিম ফকিৰ চুবুৰীৰ শ্বাহৰুখ খান ।
উল্লেখযোগ্য যে, মহামাৰি কৰ’না ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ, স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে বিভিন্ন প্ৰতিৰোধ মুলক ব্যৱস্থা লোৱাৰ সময়তে কালি হাজোৰ বৰ্ণিত সংঘটিত হৈছিল এক অবাঞ্চিত ঘটনা । কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে হাজো আৰক্ষী থানাৰ অন্তৰ্গত বহি:ৰাজ্যত কৰ্মৰতহৈ নিজ ৰাজ্যলৈ উভতা বৰ্ণিৰ ছয়গৰাকী লোকক বিশেষ নিৰীক্ষণত ৰখাৰ ব্যৱস্থা কৰিছিল খোদ স্বাস্থ্য বিভাগে।
বৰ্নি উপ স্বাস্থ্য কেন্দ্ৰ সামুহিক স্বাস্থ্য বিষযা ডাঃ উৎপল দেবৰায় সহ স্বাস্থ্য কৰ্মী দল এটাই যোৱা ২৩ মাৰ্চত আটাইকেইজনৰ ঘৰত গৈ বিশেষ নিৰীক্ষণত ৰখাৰ বাবে পৰামৰ্শ দিছিল। এইকেইজনৰ ভিতৰৰে আছিল স্বাস্থ্য কৰ্মীক প্ৰহাৰ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰবৰণ হোৱা শ্বাহৰুখ খান । বিভাগীয় দায়িত্ব মৰ্মে প্ৰতিদিনে স্বাস্থ্য কৰ্মীৰ দ্বাৰা আটাইকেইজনকে নিৰীক্ষণত ৰাখিছিল স্বাস্থ্য বিভাগে ।
সেই মৰ্মে কালিও বৰ্নি উপ স্বাস্থ্য কেন্দ্ৰৰ এম,পি,ডাব্লিও মোস্তাফা আলী আহমেদ আৰু এ,এন,এম মীৰা বৈশ্যই আটাইকেইজনৰ স্বাস্থ্য পৰীক্ষাৰ নিমিত্তে বৰ্নিৰ পশ্চিম ফকিৰ চুবুৰীৰ শ্বাহৰুখ খানৰ ঘৰলৈ ৰাওনা হয় । তেনে সময়তে শ্বাহৰুখ খানৰ ঘৰৰ পদুলীতে এম,পি,ডাব্লিও মোস্তাফা আলী আহমেদক শ্বাহৰুখ খানে উপৰ্যুপৰি আক্ৰমণ কৰি মাটিত বগৰাই দিয়ে আৰু এখন দেগাৰেৰে আক্ৰমণ কৰাৰ চেষ্টা কৰে যদিও ঘটনাস্থলিত স্থানীয় গাওঁবুঢা আৰু পঞ্চাযতৰ সদস্য উপস্থিত হৈ পৰিস্থিতি নিযন্ত্ৰণ কৰিছিল। ইফালে, ঘটনা সংঘটিত কৰি পলায়ন কৰা শ্বাহৰুখ খানক আজি হাজো থানাই আটক কৰি ২৮৮/২০২০ নংত এটি গোচৰ ৰুজু কৰে বুলিও জানিব পৰা গৈছে ।













