ASSAM TIMES POST
ডিফুঃ কৰ’না ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু জেলৰ কয়দী সকলক অধিক ভিৰৰ বাবে কৰ’নাক্ৰান্তৰ পৰা ৰক্ষা কৰিবলৈ ডিফু কাৰাগাৰৰ ২৮ গৰাকী কাৰাবন্দীয়ে আজি মুক্তি লাভ কৰে ৷ উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনা অনুসৰি কৰ’না ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ কাৰাগাৰ ভিৰ হ্ৰাস কৰিবলৈ কাৰাগাৰ সমূহৰ বিচৰাধীন কাৰাবন্দী সকলৰ লঘু অপৰাধৰ বাবে ৭ বছৰ বা তাৰ তলৰ কাৰাবন্দী সকলক মুক্তিৰ নিৰ্দেশৰ আঁত ধৰি আজি ডিফু কাৰাগাৰৰ ডিফু তথা বোকাজান মহকুমাৰ ২৮ জন কাৰাবন্দীয়ে মুক্তি লাভ কৰিবলৈ সক্ষম হয় ৷
এইলৈ মাননীয় উচ্চতম ন্যায়ালয়ে এক উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিছিল ৷ সেই মৰ্মে অসমতো উচ্চ ন্যায়ালয়ে কাৰাগাৰ সমূহৰ ভিতৰত কয়দীৰ ভিৰ হ্ৰাস কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছে ৷ যোৱা ২৬ মাৰ্চত অসম ৰাজ্যিক লীগেল চাৰ্ভিছ অথ’ৰিটি চমুকৈ এএছএএলএছএৰ অধ্যক্ষ তথা বিচাৰপতি এনকে সিঙে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ডিএলএছৰ সৈতে সম্বোধন কৰে ৷ উক্ত ভিডিঅ’ কনফাৰেন্সত ডিএলএছএৰ অধ্যক্ষ তথা ডিফু ন্যায়িক আদালতৰ সত্ৰ ন্যায়াধীশ হেকিম আহমেদ, মুখ্য ন্যায়িক দণ্ডাধীশ মমতা ভাদানী, ডিএলএছএৰ সচিব নাগিব আহমেদ উপস্থিত থাকে ৷
সেই অনুসৰি ডিফু জেলত লঘু অপৰাধৰ বাবে বিচৰাধীন ৭৮ কাৰাবন্দীক মুকলি কৰি দিয়া হয় বুলি ডিএলএছএৰ এক সুত্ৰত প্ৰকাণ ৷মুক্তিপ্ৰাপ্ত কাৰাবন্দী সকলক জিলা প্ৰশাসনে নিৰাপদে তেওঁলোকৰ ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰে ৷ সেই সকল নিৰাপদে নিজ নিজ ঘৰত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে ৷ কৰ’না ভাইৰাছৰ বাবে জিলা কাৰিগাৰত সকলো ধৰণৰ নিৰাপদ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ডিএলএছএৰ তৰফৰ পৰা কৰ’নাৰ সজাগতা আৰু সতৰ্কতাৰ বাবে জেল চৌহদত এটা অডিঅ ক্লিপ বজোৱা হয় ৷ ইয়াৰোপৰি জেল চৌহদত ছেনিটাইজেছন কৰা হয় বুলি জানিব পৰা গৈছে ৷













