ASSAM TIMES POST
বােকাখাত : সমগ্ৰ বিশ্বত এতিয়া কৰ’ণা ভাইৰাছৰ মহামাৰী সন্ত্ৰাস অব্যাহত আছে। এই মহামাৰীৰ আগ্ৰাসনৰ পৰা জনসাধাৰণৰ জীৱনক সুৰক্ষা দিয়াৰ মানসেৰে কেন্দ্রীয় চৰকাৰে ৰাষ্ট্ৰ জোৰা লক-ডাউন ঘােষণা কৰিলে। লক-ডাউনে পাঁচটা দিন অতিক্রম কৰিলে আৰু সদ্যহতে সাধাৰণ মানুহ কম বেছি পৰিমাণে সন্তুলিত হৈ পৰিছে এই প্ৰক্ৰিয়াৰ সতে ।
ইফালে দৰিত্র সীমাৰেখাৰ তলত বাস কৰা বহু পৰিয়ালে লক-ডাউন মানি নিজৰ জীৱনটো সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত গৃহবন্দীত্বৰ জীৱন কটাই থকাৰ অৱস্থাত আৰু উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰাত খাদ্য সামগ্ৰী আহৰণৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। ফলশ্ৰুতিত এই দৰিদ্ৰ পৰিয়াল সমূহক সকাহ দিবলৈ বোকাখাতৰ প্ৰশাসন আৰু চৰকাৰী বিভাগ সষ্টম হৈ উঠিছে।
সেয়েহে এই পৰিয়াল সমূহক সকাহ দিয়াৰ মানসেৰে বোকাখাত মহকুমাৰ কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ূৰজিৎ গগৈৰ নেতৃত্বত ওলাই আহিল কমাৰগাঁৱৰ আৰক্ষী থানাৰ আৰক্ষী সকল। প্ৰথম পৰ্যায়ত দেৰকুৰি দৰিদ্ৰ পৰিয়ালক চাউল, দাইল, আলু, আটা, চয়াবীন, মিঠাতেল, নিমখ, বিস্কুটকে আদি কৰি কিছু পৰিমাণে শাক পাচলিৰ যোগান ধৰে। লগতে চাফ চিকুন হৈ থাকিবলৈ সকলো লোককে আহ্বান জনোৱাৰ সমান্তৰালকৈ চাবোন, ডেটল আদিও বিতৰণ কৰে।
আৰক্ষী বিষয়া গৰাকীয়ে উপ-পৰিদৰ্শক চাহজাহান আলী, সহকাৰী উপ-পৰিদৰ্শক জিয়াউল ইছলামে সামগ্ৰী বিতৰণ কৰিবলৈ যাওঁতে লক-ডাউনৰ সময়ত মানি চলিব লগীয়া সকলো নীতি-নিৰ্দেশনা মানিবলৈ পৰিয়লসমূহক বিনম্ৰতাৰে অনুৰোধ জনায়। কমাৰগাঁও আৰক্ষী সকলৰ এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কমাৰগাঁৱৰ বে-চৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ‘প্ৰজন্ম’, কমাৰগাঁও আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা আৰু কেইজনমান সুহৃদ ব্যক্তিয়ে সহযোগিতা প্ৰদান কৰে।
ময়ুৰজিৎ গগৈয়ে সংবাদ মাধ্যমক জনায় যে কমাৰগাঁও আৰক্ষী থানাৰ অধীনৰ সমগ্ৰ এলেকাৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰিব। কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈ, উপ-পৰিদৰ্শক চাহজাহান আলী, সহকাৰী উপ-পৰিদৰ্শক জিয়াউল ইছলামৰ লগতে থানাৰ পৰিয়ালবৰ্গৰ এনে বদান্যতাক কমাৰগাঁওবাসীয়ে শলাগ লৈছে।













