ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
কৰ’ণাতংকই ৰোধ কৰিব পৰা নাই চুলাই মদৰ আসক্তি। এফালে বিশ্বক ত্ৰাসেৰে কঁপাই আছে কৰ’ণা ভাইৰাচৰ দৰে শতিকাটোৰ এই পৰ্যন্ত সবাতোকৈ ডাঙৰ গোলকীয় বিপদে। আনফালে মানৱ সভ্যতাক তচনচ কৰিব খোজা এই বিপদলৈ ভ্ৰুক্ষেপ নোহোৱা অসজাগ এশ্ৰেণী লোকৰ বাবেই টোপনি হৰিছে প্ৰশাসন তথা সচেতন আৰু সজাগ ৰাইজৰ।
কৰ’ণা ভাইৰাচক ৰোধিবলৈ মানৱ শিকলিৰ সকলো গাঁঠি খুলি পেলাবলৈ দেশব্যাপী চলি থকা লক-ডাউনৰ মাজতে এই সময়ছোৱা কটাবলৈ এশ্ৰেণী লোকে ব্যৱস্থা কৰি লোৱা চুলাই মদৰ ঘাটি উৎখাত কৰি ব্যস্ত হ’ব লগা হৈছে বোকাখাত মহকুমাৰ প্ৰশাসন আৰু বোকাখাত আৰক্ষী প্ৰশাসন। বিশেষ সূত্ৰৰ পম খেদি বোকাখাত মহকুমাৰ কাৰ্য্যৱাহী দণ্ডাধীশ তথা কমাৰগাওঁ এলেকাৰ ইনচিডেন্ট কামাণ্ডাৰ ৰণনময় ভৰদ্বাজৰ নেতৃত্বত এটি দলে আজি বোকাখাত মহকুমাৰ বংকোৱাল বেলতল গাঁৱত অভিযান চলাই প্ৰায় ১০০ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰি নষ্ট কৰে।
ইয়াৰ লগতে ভালে সংখ্যক চুলাই মদ প্ৰস্তুত কৰা সামগ্ৰীও জব্দ কৰে। উল্লেখ্য যে কৰ’ণা প্ৰতিৰোধৰ বাবে গাঁও সমূহৰ মূল পথ ৰাইজে বন্ধ কৰি দিছে। সেয়েহে আৰক্ষী আৰু প্ৰশাসনৰ লোক গাঁও সমূহৰ ভিতৰত সততে প্ৰৱেশ কৰাৰ অসুবিধাৰ গইনা লৈ বিভিন্ন ভিতৰুৱা এলেকাত একাংশ সুযোগ সন্ধানীয়ে চুলাই মদ আৰু জুৱাৰ আড্ডাৰ অধিক প্ৰচলন কৰাৰ সুযোগ লৈছে।
বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত চুলাই মদৰ ভাটী উৎখাত কৰা বাতৰিৰ বুৰবুৰণি নৌ মাৰ যাওঁতেই পুণৰ বোকাখাতৰ বংকোৱালত চুলাই মদ জব্দ কৰাৰ ঘটনাই সজাগ সমাজক আশ্বৰ্যত পেলাইছে। বোকাখাত মহকুমা প্ৰশাসনৰ এনে তৎপৰতাত ৰাইজে শলাগ লৈছে।













