ASSAM TIMES POST
বোকাখাত : সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই চৰকাৰৰ কৰ’ণা প্ৰতিৰোধ ব্যৱস্থাৰ সহায়ক হোৱাকৈ এদিনৰ দৰমহা আৰোগ্য নিধিলৈ দান হিচাপে আগবঢ়াইছে। এক বিবৃতিত মঞ্চৰ সভাপতি জীৱন চন্দ্ৰ বৰা আৰু সম্পাদক চৈয়দ আনিছুৰ ৰহমানে এই কথা জানিবলৈ দিছে। উল্লেখ্য যে সংগঠনটোত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা, সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থা, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থা, সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থা, অসম জুনিয়ৰ কলেজ শিক্ষক কৰ্মচাৰী সন্থা, নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থা আৰু সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ জড়িত হৈ আছে।
উল্লেখ্য যে এই মঞ্চৰ আঠটাকৈ শিক্ষক সংগঠনত প্ৰায় ২.৬০ লাখ শিক্ষক কৰ্মচাৰী আছে আৰু ইয়াৰ পৰা আৰোগ্য নিধিলৈ যাব লগীয়া ধনৰ পৰিমাণ ৩০ কোটি টকা। এই ধন চৰকাৰলৈ দান সূত্ৰে আগবঢ়োৱা বুলি উল্লেখ কৰি মঞ্চৰ তৰফৰ পৰা কোৱা হয় যে এয়া ঋণ নহয় আৰু ইয়াৰ বাবে কোনো সূদো চৰকাৰে দিব নালাগে। পৰৱৰ্তী সময়ত যদিহে পুনৰ সাহায্যৰ প্ৰয়োজন হয়, তেন্তে চৰকাৰে পূৰ্বতে আহ্বান জনোৱা মতে দ্বিতীয় বাৰ সহায় কৰিবলৈও মঞ্চ সাজু থাকিব।
উল্লেখ্য যে চৰকাৰে কৰ্মচাৰী সকলৰ পৰা এদিনৰ দৰমহা বিচাৰিছিল আৰু আগন্তুক বিত্তীয় বৰ্ষত এই ধন কিস্তি হিচাপে সূদ সহ ঘূৰাই দিয়াৰ কথা কৈছিল। কিন্তু এই দুৰ্যোগৰ মুহূৰ্তত সন্মিলিত শিক্ষক মঞ্চৰো দায়িত্ব থকা বুলি অনুভৱ কৰি এদিনৰ দৰমহা দান হিচাপে পোনে পোনে কৰ্তন কৰি ৰাখিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে এই সংকটকালত ঋণ আৰু সূদৰ কথা চিন্তা নকৰিছে বুলি মঞ্চৰ তৰফৰ পৰা জনাইছে।
বিভিন্ন মাধ্যমৰ একাংশ শিক্ষক সংগঠনে ব্যক্তিগতভাৱে চৰকাৰলৈ সহায় আগবঢ়োৱা বুলি বাতৰি প্ৰকাশ পোৱাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাত সভাপতি জীৱন চন্দ্ৰ বৰাই কয়– ‘আমাৰ মঞ্চৰ অন্তৰ্ভুক্ত সকলো সংগঠনৰ মূৰব্বীয়ে বাৰ্তালাপ কৰি এই সিদ্ধান্ত লৈছোহঁক’।













