ASSAM TIMES POST
নিউজ ডেস্ক
মহামাৰী ক’ৰনা ভাইৰাছ (ক’ভিড-১৯) বিৰুদ্ধে যুঁজ দিবলৈ ৰাজ্য চৰকাৰলৈ এক লাখ টকাকৈ আগবঢ়ালে অভিনেত্ৰী আইমী বৰুৱা আৰু গায়ত্ৰী মহন্তই । এই কথা প্ৰকাশ অভিনেত্ৰীদ্বয়ে । উল্লেখ যে, অসম ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পত্নী অভিনেত্ৰী আইমীয়ে সম্পূৰ্ণ নিজৰ ফালৰ পৰা ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ আগবঢ়োৱা বুলি প্ৰকাশ কৰিছে।
তেওঁ উল্লেখ কৰিছে “লকডাউন সময়ত বিভিন্নজন ব্যক্তি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। কাৰোবাৰ ঘৰত যদি ৰোগীক লৈ চিন্তা কাৰোবাৰ আকৌ ভাত সাঁজৰ বাবে চিন্তা। সেয়েহে ব্যক্তিগত ফালৰ পৰা ১লাখ টকা অসম আৰোগ্য নিধিলৈ আগবঢ়াইছো”।
উল্লেখ যে দেওবাৰ শিল্পী জুবিন গাৰ্গ আৰু অভিনেতা যতীন বৰাই আগবঢ়াইছিল ১লাখ টকাকৈ সাহায্য।













