ASSAM TIMES POST
গুৱাহাটীঃ লকডাউনৰ সময়ত বিশ্ব হিন্দু পৰিষদৰ বিষ্ণুপুৰ প্ৰ-খণ্ডৰ উপদেষ্টা মনোজ কুমাৰ ডেকা আৰু সচেতন নাগৰিক মনোজ দেৱ শৰ্মাই জীৱ কুলৰ কথা চিন্তা কৰি আজি গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰত থকা বান্দৰ আৰু কুকুৰক যোগান ধৰে কল, বুট, বিস্কুত আৰু পানী। উল্লেখ যে, লকডাউনৰ বাবে যোৱা ২৪মার্চৰ পৰা ভক্ত বাবে বন্ধ হৈ আছে মন্দিৰ । ফলত তাত থকা জীৱকুলৰো খাদ্যৰ নাটনি হৈছে । সেইকথা অনুধাৱন কৰিয়ে মন্দিৰ জীৱকুলৰ মাজত ডেকাই যোগান ধৰিছে কল, বিস্কুট, বুট আৰু পানী ।













