ASSAM TIMES POST
কলিয়াবৰঃ কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে কলিয়াবৰ মহকুমা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগে বিশেষ তৎপৰতাৰে কাম কৰি যোৱা পৰিলক্ষিত হৈছে । জখলাবন্ধা এফআৰইউত বৰ্তমানলৈকে মুঠ ৬০৩গৰাকী ব্যক্তিক স্ক্ৰিনিং কৰি কোৱাৰেন্টাইনত ৰখা হয়। ইয়াৰে অধিক সংখ্যক বহিঃৰাজ্যত কৰ্মসূত্ৰে যোৱা আৰু শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা যুৱক-যুৱতী বুলি স্ক্ৰিনিংৰ দায়িত্বত থকা ডাঃ মিনাক্ষী ভূঞাই জানিবলৈ দিয়ে।
আনহাতে, বাহিৰৰ পৰা অহা ব্যক্তিসকলৰ সংস্পৰ্শলৈ অহা লোকসকলে নিজে আহি স্ক্ৰিনিং কৰেহি বুলি চিকিৎসক অৱগত কৰে। ইফালে, ষ্টাম্প লগোৱা ব্যক্তিসকল যাতে হোম কোৱাৰেন্টানত থাকে তাৰ প্ৰতি সম্পূৰ্ণ নজৰত ৰাখিছে আশা কৰ্মী আৰু এমপিডব্লিওসকলে। আনহাতে, জখলাবন্ধা এফআৰইউ চৌহদত এটি আচুতিয়া কক্ষৰ ব্যৱস্থা কৰি স্ক্ৰেনিংৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়ালৈ গাঁওবুঢ়া আৰু অন্যান্য ব্যক্তিৰ সহযোগত সন্দেহজনক ব্যক্তিসকলক এম্বোলেন্সৰ সহায়ত চিকিৎসালয়লৈ আনি পৰীক্ষা কৰি থকা হৈ আছে বুলি মহকুমা স্বাস্থ্য বিষয়া ডাঃ ক্ষমন্ত শইকীয়াই কয়। মহকুমাটোৰ উলুৱানী চিকিৎসালয়ত কৰ’না ভাইৰাছত আক্ৰান্ত লোকক চিকিৎসা প্ৰদান কৰিব পৰা কৈ ১০খন আইছুলেচন বিছনা সাজু কৰি ৰখা হৈছে বুলি স্বাস্থ্য বিষয়াগৰাকীয়ে এই প্ৰতিবেদনক জানিব দিয়ে।













