ASSAM TIMES POST
চতিয়া : যোৱা শনিবাৰে এক জৰুৰী সভাত শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কৰা ঘোষণা অনুসৰিয়েই সোমবাৰে চতিয়া সমষ্টিৰ গাৱেঁ গাৱেঁ সৰ্ব্বসাধাৰণ ৰাইজৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু শাক-পাচলি বিতৰন কৰে বিধায়কগৰাকীয়ে ৷ সোমবাৰে পুৱা ছয়খন গাড়ীত চাউল, দাইল, আটা, আলু, পিয়াঁজকে ধৰি বিভিন্ন ধৰণৰ শাক-পাচলি উঠাই লৈ বিধায়ক পদ্মই নিজে গাড়ী চলাই গাৱেঁ-গাৱেঁ ৰাইজক বিনামূলীয়াকৈ সামগ্ৰীসমূহ বিতৰণ কৰা দেখা যায় ৷

লকডাউনৰ সময়ত তথা ঘৰতে আৱদ্ধহৈ থকা সমষ্টিটোৰ ৪০ হেজাৰ দুখীয়া দৰিদ্ৰ ৰাইজক বিনামূলীয়াকৈ খাদ্য সামগ্ৰী বিতৰণ কৰা হব বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷













