ASSAM TIMES POST
যমুনামুখ : যমুনামুখ সমষ্টিৰ প্ৰভাৱশালী ৰাজনৈতিক পৰিয়াল প্ৰয়াত খলিলুৰ ৰহমান চৌধুৰীৰ পৰিয়ালে সম্প্ৰতি দেশজুৰি লকডাউন ঘোষণা কৰাৰ ফলত যমুনামুখ সমষ্টিৰ দহ হাজাৰ দৰিদ্ৰ পৰিয়াললৈ খাদ্য যোগান ধৰাৰ এক আঁচনি গ্ৰহণ কৰিছে ৷ প্ৰয়াত খলিলুৰ ৰহমান চৌধুৰী ফাউণ্ডেছনৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালক খাদ্য যোগান ধৰিব ৷ এই কথা সদৰি কৰে আলহাজ ৰেজাউল কৰিম চৌধুৰীয়ে ৷ যমুনামুখ সমষ্টিৰ ২৫০টা ৱাৰ্ডৰ দৰিদ্ৰ পৰিয়াল, যিবোৰ দিন হাজিৰাৰ ওপৰত নিৰ্ভৰ, তেনে পৰিয়ালক এই সাহায্য আঁচনিৰ অধীনত সামৰি লোৱা হ’ব ৷
ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে, কভিড-১৯ৰ প্ৰতিৰোধৰ বাবে চৰকাৰে দেশজুৰি লকডাউন ঘোষণা কৰাৰ ফলত বহু পৰিয়াল তীব্ৰ খাদ্য নাটনিৰ সন্মুখীন হৈছে ৷ এনে অৱস্থাত যমুনামুখৰো বহু পৰিয়াললৈ নামি আহিছে ঘোৰ খাদ্য সংকট ৷ এনে অৱস্থাত ডবকাৰ চৌধুৰী পৰিয়ালে প্ৰয়াত খলিলুৰ ৰহমান চৌধুৰী ফাউণ্ডেছনৰ জৰিয়তে দহ হাজাৰ পৰিয়াললৈ খাদ্য যোগান ধৰাৰ অভিনৱ আঁচনি গ্ৰহণ কৰাত, এই পৰিয়ালবোৰে নিশ্চয় সকাহ পাব ৷ এয়া এই সময়ৰ বাবে এক আশাপ্ৰদ খবৰ ৷













