ASSAM TIMES POST
হোজাইঃ য’ত এম্বুলেন্সৰ চালকে লকডাউনৰ সুবিধা গ্ৰহণ কৰি গুৱাহাটীলৈ ৰোগীক কঢ়িওৱাৰ ক্ষেত্ৰত বিচাৰিছে পাঁচ হাজাৰ পাঁচশ টকা । আনহাতে, আকৌ হোজাইৰ পৰা জিলাখনৰ অন্তৰ্গত কাষৰীয়া অঞ্চললৈ পূৰ্বতে এম্বুলেন্সে যিমান ভাড়া লয় তাতকৈ অধিক হাৰত বৰ্তমান লয় ভাড়া। উল্লেখ যে, হোজাই জিলাৰ পৰা গুৱাহাটী নিবলৈ হ’লে এখন এম্বুলেন্সে পূৰ্বতে ৩২০০ ৰ পৰা ৩৫০০ টকাহে লয় ।
পিছত সাংবাদিকে এম্বুলেন্সৰ চালকক হোজাইৰ পৰা গুৱাহাটীলৈ ভাড়া ক্ষেত্ৰত পাঁচ হাজাৰ পাঁচশ বিচাৰিছেনে বুলি সোধাত, অস্বীকাৰ কৰে এম্বুলেন্সৰ চালকে। এতিয়া প্ৰশ্ন হয়, জৰুৰীকালীনভাৱে ব্যৱহৃত এম্বুলেন্সেৰ এই কু-কৰ্মৰ ওপৰত কিবা বিহিত ব্যৱস্হা গ্ৰহণ কৰিব নে প্ৰশাসন কিম্বা চৰকাৰে ?













