ASSAM TIMES POST
নগাঁও : বিশ্বব্যাপী মহামাৰী ৰূপ ধাৰণ কৰা মাৰত্মাক কৰ’না ভাইৰাছ কবিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে যাবতীয় প্ৰস্তুতি চলাই আছে । কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে চলোৱা এনে প্ৰচেষ্টাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ব্যক্তি আৰু সংগঠনে আৰ্থিকভাৱে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে । কৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ লগতে এই ক্ষেত্ৰত প্ৰয়োজনীয় চিকিৎসা আদিৰ ব্যয়ৰ বাবে চৰকাৰে গঠন কৰি দিয়া ‘অসম আৰোগ্য নিধি’লৈ নগাঁৱৰ কেইবাগৰাকী ব্যক্তি আৰু আনুষ্ঠান-প্ৰতিষ্ঠানে ইতিমধ্যে আৰ্থিক অনুদান আগবঢ়াইছে।
আনহাতে, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কালি সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ যোগেদি নগাঁৱৰ বিভিন্ন ব্যক্তি আৰু সংগঠনক কৰ’না ভাইৰাছক লৈ সৃষ্টিু হোৱা এনে জটিল ক্ষণত চৰকাৰখনক আৰ্থিকভাৱে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় । চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি নগাঁও চহৰৰ ব্যক্তিগতখণ্ডৰ অগ্ৰণী শিক্ষা প্রতিষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই আজি একলাখ টকাৰ আৰ্থিক বৰঙণি ‘অসম আৰোগ্য নিধি’লৈ আগবঢ়ায়। শিক্ষানুষ্ঠানখনৰ ফালৰ পৰা আগবঢ়োৱা এক লাখ টকাৰ চেকখন অধ্যক্ষ বৰাই বিধায়ক ৰূপক শৰ্মাৰ হাতত অৰ্পণ কৰে ।
আনহাতে আজি বুলু বৰা আৰু সবিতা গুপ্তা নামৰ দুগৰাকী মহিলাই বিধায়ক শৰ্মাৰ জৰিয়তে ৫০ হেজাৰ টকাকৈ ‘অসম আৰোগ্য নিধি’লৈ আৰ্থিক অনুদান আগবঢ়ায়। নগাঁৱৰ ‘আকাশ হোণ্ডাই’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনেও বিধায়ক গৰাকীৰ জৰিয়তে ‘অসম আৰোগ্য নিধি ‘লৈ এক লাখ এহেজাৰ এশ এঘাৰ টকাৰ আৰ্থিক বৰঙণি আগবঢ়ায় ।
নগাঁও সদৰ থানাৰ যান বাহন শাখাৰ উপ-পৰিদৰ্শক আব্দুল হান্নান লস্কৰে জিলা উপায়ুক্তৰ জৰিয়তে উক্ত নিধিলৈ ৫০ হেজাৰ টকাৰ এখন চেক আগবঢ়ায়। ইপিনে নগাঁও জিলা উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই কৰোনা ভাইৰাছৰ সৈতে মোকাবিলা কৰাত সহায়ক হোৱাকৈ সন্থাৰ অধীনস্থ প্ৰতিগৰাকী শিক্ষকে এদিনৰ দৰমহা ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে ।













