ASSAM TIMES POST
বঙাইগাঁওঃ আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঙাইগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা ‘সমৰ্থন’ নামৰ এক সুন্দৰ পদক্ষেপৰ শুভাৰম্ভ কৰে। ইয়াৰ দ্বাৰা বঙাইগাঁও জিলা প্ৰশাসনক কোভিড-১৯ৰ লগত যুঁজৰ বাবে সহায় আগবঢ়াবলৈ আগবাঢ়ি অহা সদাশয় ব্যক্তি বা সংগঠনে আজিৰে পৰা আৰম্ভ হোৱা “সমৰ্থন” নামৰ একোখন উপহাৰ কুপন ২০০ টকা মূল্যৰে ক্ৰয় কৰিব পাৰে।
দান দিব খোজা ব্যক্তিজনৰ পৰা পোৱা এই ২০০ টকাৰে তেখেতৰ ইচ্ছা অনুযায়ী নৱজাত শিশুৰ সামগ্ৰী বা মহিলাৰ সামগ্ৰী বা পৰিয়ালৰ বাবে সামগ্ৰী ক্ৰয় কৰি অভাৱীজনক দান কৰা হ’ব। জিলা প্ৰশাসনৰ এই পদক্ষেপক সাফল্য মণ্ডিত কৰি অভাৱীসকলক এই দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ সমূহ ৰাইজকে আহ্বান জনাইছে জিলা প্ৰশাসনে ৷
উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰি জিলা প্ৰশাসনৰ এই পদক্ষেপৰ শুভাৰম্ভ কৰে ৷













