ASSAM TIMES POST
গুৱাহাটীঃ লকডাউনৰ মাজতে গুৱাহাটী মহানগৰী জু-সমীপৱৰ্তী সুন্দৰপুৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাত । পথ দুর্ঘটনাটোত প্ৰাণ হেৰুৱালে ৰাজ্যৰ এগৰাকী সাংবাদিকে। কিছুদিনৰ পূৰ্বে সংবাদ জগতত ভৰি থোৱা ২২বছৰীয়া যুৱতী সাংবাদিকগৰাকীৰ হৈছে ডিম্পী কাশ্যপ ।
প্ৰাপ্ত খবৰ অনুসৰি ডিম্পী এজন সহকৰ্মীৰ সৈতে এখন স্কুটীত গৈ থকা সময়তে দুৰ্ঘটনাতো সংঘটিত হয় । দিম্পী আৰু সহকৰ্মী অৰূপ মৰাং জু-ৰোড কাৰ্যলয় পৰা ঘৰলৈ গৈ থকাৰ অৱস্থাত স্কুটীখনে এটা ইলেক্ট্ৰিক পোষ্টত খুন্দা মৰাত যুৱতী সাংবাদিকগৰাকীৰ চিকিৎসালয়ত মৃত্যু হয়।
নিশা প্ৰায় ৯.৪৫ বজাত সংঘটিত হোৱা পথ দুৰ্ঘটনাত আহত হয় তেওঁৰ সৈতে থকা অৰূপ মৰাং নামৰ আন এগৰাকী সাংবাদিক।তেওঁক মহানগৰীৰ গেট হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখ যে, মৃত ডিম্পীৰ ঘৰ গুৱাহাটী বেলতলাত । প্ৰতিবিম্ব লাইভ (ৱেবপৰ্টেলত) কৰ্মৰত আছিল ডিম্পী।













