ASSAM TIMES POST
শুৱালকুছি : সমগ্ৰ দেশত লকডাউন চলি থকাৰ মাজতে আজি কামৰূপ জিলাৰ শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত গন্ধমৌ আৰু বংশৰত থকা অবৈধ চুলাই মদৰ বিৰুদ্ধে আৰক্ষীৰ অভিয়ান । হাজো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধ্ৰৱজ্যেতি দাস, শুৱালকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱকান্ত সাউদৰ নেতৃত্বত আৰক্ষী এটা বৃহৎ দলে চুলাই মদৰ বিৰুদ্ধে অভিযান চলায় । আৰক্ষীৰ এই অভিযানত চুলাই ঘাটিসমূহ নষ্ট কৰি দিয়ে ৷ লগতে আগলৈ যাতে চুলাই মদ তৈয়াৰ নকৰে তাৰ বাবে সাৱধাণবাণী জনায়।













