ASSAM TIMES POST
নিউজ ডেক্স
ক’ৰনা ভাইৰাছৰ সংকটক লৈ সোমবাৰে দিছপুৰত অনুষ্ঠিত হয় ৰাজ্য কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত লক ডাউনক লৈ গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
বৈঠকত হোৱা সিদ্ধান্ত অনুসৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দি কয় ৰাজ্য প্ৰায় ৭২লাখ পৰিয়াল উপকৃত হোৱাকৈ ঘোষণা কৰা হৈছে ক’ভিড-১৯ পেকেজ।১এপ্ৰিলৰ পৰা ৫৮লাখ পৰিয়ালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ আইন অধীনত লাভ কৰিব বিনামূলীয় চাউল।
ৰেচন কাৰ্ড নথকালৈ ১০০০টকাকৈ আগবঢ়োৱা হব এককালীন সাহায্য।কাৰ্বি আংলং, ডিমা হাছাও আৰু বিটিচিৰ বাবে নিৰ্বাচন আয়োগ লগত মুখ্য সচিবেৰে আলোচনা কৰি এই ধন প্ৰদানৰ চিন্তা কৰিব।বানৰ মহাপ্ৰলয় কথা চিন্তা কৰি ১এপ্ৰিলৰ পৰা সকলো মথাউৰিৰ কাম আৰম্ভ হ’ব।
গৃহ নিৰ্মাণ কল্যান পৰিষদত পঞ্জীভূত ২.৭৮লাখ শ্ৰমিকক আগবঢ়োৱা হব ১লাখ টকা এককালীন সাহায্য।আনহাতে লক ডাউনৰ বাবে বৰ্তমান বন্ধ হৈ থকা চাহ বাগিচা সমূহৰ কেঁচা পাত উঠোৱা কাম ১এপ্ৰিল পৰা উপায়ুক্ত নির্দেশ মৰ্মে খুলিব খুলিব পাৰিব।তাৰ বাবে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি চলিব লাগিব।
শ্ৰীৰামপূৰ গেটত আৱদ্ধ হৈ থকা পশু-খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ট্ৰাকসমূহ ১এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰৱেশৰ অনুমতি দিয়া হব।খেতিয়ক সকলে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি চলি ১এপ্ৰিলৰ পৰা উৎপাদনৰ কামত নিয়োজিত হব পাৰিব।ৰাজ্য উপায়ুক্ত সকলে গেলামালৰ দোকান খোলা-বন্ধৰ ক্ষেত্ৰত নতুন সময়সূচী সাল-সলনি ১এপ্ৰিলৰ পৰা সিদ্ধান্ত ল’ব পাৰিব।













