ASSAM TIMES POST
ডিফু : বিশ্বজুৰি মানৱ সংহাৰৰ সৃষ্টি কৰা মাৰাত্মক কৰ’না ভাইৰাছৰ ত্ৰাসৰ মাজতে আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত এজন যুৱকৰ চীপলৈ আত্মহত্যা কৰা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিফু থানা এলেকাৰ পানবাৰী সমীপৱৰ্তী গাহৰি ফাৰ্মৰ ওচৰত নিজ ঘৰৰ ভিতৰৰ চালৰ বাঁহৰ মাদুলিত গোমাছাৰে চীপলৈ যুৱকজনে আত্মহত্যা কৰে ৷ পিতৃহীন যুৱকজন এলেকাটোৰ মৃত মুন্না বসুমতাৰীৰ পুত্ৰ ৰাজ বসুমতাৰী (১৯) বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ৷
মৃত যুৱকজনৰ আইতাকে পুৱা ৪ মান বজাত যুৱকজনৰ কোঠাত যুৱকজনক চীপলৈ ওলমি থকা প্ৰত্যক্ষ কৰে ৷ ঘটনাৰ খবৰ লাভ কৰি ডিফু নগৰ আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত দণ্ডাধীশৰ উপস্থিতিত মৃতদেহৰ চুৰতহাল কৰি মৰণোত্তৰ পৰীক্ষা কৰি মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়ে ৷ বাতৰি লিখা পৰলৈকে যুৱকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷













