ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়: দিল্লীৰ নিজামুদ্দিন কাণ্ডই এতিয়া জোকাৰণি তুলিছে সমগ্ৰ দেশ।জানিব পৰা মতে নিজামুদ্দিনৰ এই ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহন কৰিবলৈ ডিব্ৰুগড় জিলাৰ পৰাও গৈছিল দুজন লোক।
ডিব্ৰুগড় চহৰৰ মাঝাৰ চাৰিআলিৰ এজন ২৭ বছৰীয়া অবিবাহিত ব্যৱসায়ী যুৱক আলী আৰু মৰাণৰ হুছেইন উপাধিৰ দুজন ব্যক্তিয়ে উক্ত তবলিকত অংশ গ্ৰহন কৰিবলৈ অসমৰ পৰা যোৱা ২৩,ফেব্ৰুৱাৰীত দিল্লীলৈ ৰাওনা হৈছিল।উক্ত ধৰ্মীয় অনুষ্ঠানত সমগ্ৰ বিশ্বৰ প্ৰায় দুই হাজাৰ লোকে অংশ গ্ৰহন কৰিছিল।
কিন্তু উক্ত অনুষ্ঠানত অংশগ্ৰহন কৰি নিজ গৃহলৈ ঘূৰি গৈ ইতিমধ্যে দেশৰ দহ গৰাকী লোকে মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱাত সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি হয়।কিয়নো এই তবলিকত অসমৰ পৰা প্ৰায় ২৫০ গৰাকী লোকে অংশ গ্ৰহন কৰিছিল।ইয়াৰে দুজন ব্যক্তি ডিব্ৰুগড় আৰু মৰানৰ হোৱাত আজি জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগ সস্তম হৈ পৰে।
প্ৰশাসনে অতি তৎপৰতাৰে দুক্ষোজন ব্যক্তিৰ ঘৰলৈ গৈ ব্যক্তি দুগৰাকীৰ উপস্থিতিৰ সন্দৰ্ভত পৰীক্ষা কৰে।জানিব পৰা মতে দুয়োগৰাকী ব্যক্তি এই পৰ্যন্ত নিজ গৃহত আহি পোৱা নাই।ডিব্ৰুগড়ৰ ব্যক্তিগৰাকীক প্ৰতিবেশী এগৰাকীয়ে আজি বিয়লি ফোন কৰি জানিব পাৰে যে বৰ্তমানে তেঁও দিল্লীৰ নিজামুদ্দিনৰ মৰকজতে আছে আৰু তেঁওলোকক স্থানীয় প্ৰশাসনে কোৱাৰেন্টাইন কৰিবৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।
এই সময়লৈ অবশ্যে ব্যক্তিগৰাকীৰ শৰীৰত কৰোনা ভাইৰাছৰ কোনো লক্ষন ধৰা পৰা নাই বুলি ডিব্ৰুগড়ৰ ব্যক্তিগৰাকীয়ে দাবী কৰিছে।













