ASSAM TIMES POST
নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ক কবিড- ১৯ চিকিৎসালয়লৈ ৰূপান্তৰৰ পদক্ষেপ
নগাঁও: দিল্লীৰ নিজামুদ্দিন এলেকাত অৱস্থিত আলামী মৰকজ বাংলেৱালী মছজিদত মাৰ্চ মাহৰ মাজভাগত অনুষ্ঠিত ধৰ্মীয় তবলিগি জামাত অনুষ্ঠানত অংশগ্রহণ কৰা দুই সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকৰ ভিতৰত অসমৰ ২১৬ জন লোক আছে।
আনহাতে অসমৰ পৰা তবলিগি জামাত লৈ যোৱা সকলৰ মাজত নগাঁও জিলাৰ ২৮ লোকো আছে । আজি নগাঁৱত এই তথ্য সদৰি কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্রী পীয়ুষ হাজৰিকাই । কৰোনা অৱশ্যে সম্ভাব্য আক্রান্ত লোকৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প্ৰস্তুতি সম্পৰ্কত বুজ লবলৈ অহা ৰাজ্যিক স্বাস্থ্য মন্ত্রী গৰাকীয়ে দিল্লীৰ নিজামুদ্দিন এলেকাৰ দৰগাহলৈ যোৱা অসমৰ লোক সকলৰ অৱস্হিতি সম্পৰ্কে চৰকাৰে যোগাযোগৰ চেষ্টা চলাই থকা বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত কয় যে জিলাখনৰ পৰা দিল্লীলৈ যোৱা এই সকল লোক অসমলৈ ঘূৰি অহাৰ তথ্য জিলা প্ৰশাসনৰ হাতত নাই।
জিলাখনৰ যদি কোনো লোক দিল্লীৰ পৰা ঘূৰি আহি আহি জিলা প্ৰশাসনৰ লগত যোগাযোগ নকৰাকৈ নগাঁও অথবা আন কোনো স্হানত আত্মগোপন কৰি আছে তেন্তে সেই সকল লোকৰ বিষয়ে শীঘ্রে স্বাস্থ্য বিভাগক অৱগত কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে মন্ত্ৰী গৰাকীয়ে আহ্বান জনায় । ইপিনে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ক ১৫০ খন বিচনাযুক্ত কবিড-১৯ ৰ চিকিৎসালয়লৈ ৰূপান্তৰিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ৰাজ্যিক স্বাস্থ্য মন্ত্রী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।
কৰোনাত আক্ৰান্ত ৰোগীৰ বাবে চিকিৎসালয়খনত বৰ্তমান ৫৮ খন বিচনা আছুতীয়াকৈ সাজু কৰি ৰখা হৈছে বুলিও তেওঁ সংবাদ মাধ্যমক অৱগত কৰে । আনহাতে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এটা ২০ খন বিচনাযুক্ত আই চি ইউ আগন্তুক এসপ্তাহৰ পৰা দহ দিনৰ ভিতৰত সম্পূর্ণ কৰি তোলা হব বুলি ৰাজ্যিক স্বাস্থ্য মন্ত্রীয়ে আজি ঘোষণা কৰে । নগাঁও জিলাৰ উপৰি হোজাই জিলাৰ ৰোগীসকলৰ বাবে এই চিকিৎসালয়খন সাজু কৰি তোলা হৈছে ।
ইয়াৰ উপৰি জিলাখনৰ বেবেজীয়া, উজৰাগাওঁ, কন্দলি, কঁচুৱা , মোৱামাৰী, উলুৱনী আদি চিকিৎসালয়ত ৮০খন বিচনা আছুতীয়া পৰ্যবেক্ষণৰ বাবে ৰখাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ইয়াৰ উপৰি পি এইচ চি , চি এইচ চি আদি চিকিৎসালয়টো কৰোনা ভাইৰাচৰ স্কীণিঙৰ ব্যৱস্থা কৰা হৈছে। হোজাই জিলা হলেও হোজাইত চিভিল হস্পিতাল নাই আৰু যুটীয়া স্বাস্থ্য সঞ্চালকো নাই, সেয়েহে কৰোনাত আক্ৰান্ত লোকৰ চিকিৎসা নগাঁৱৰ এই চিকিৎসালয়খনতে কৰা হ’ব।
আনহাতে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বহি: বিভাগ প্ৰয়োজনত বেবেজীয়া আৰু উজৰাগাঁৱলৈ স্থানান্তৰ কৰা হ’ব বুলিও তেওঁ জনায়। আজি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় পৰিদৰ্শনৰ সময়ত ৰাজ্যিক স্বাস্থ্য মন্ত্রী গৰাকীৰ লগত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত যাদৱ শইকীয়া, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, চিকিৎসালয়খনৰ অধীক্ষককে ধৰি ভালেকেইগৰাকী বিষয়া উপস্থিত থাকে ।













