ASSAM TIMES POST
নগাঁও : কৰোনা ভাইৰাছৰ সন্ত্ৰাস আৰু ব্যাপক সংক্ৰমনৰ মাজতে নতুন দিল্লীৰ নিজামউদ্দিন দৰগাহত তবলিগী জামাতত অংশ গ্ৰহণ কৰিবলৈ যোৱা অসমৰ বৃহৎদলটোৰ মাজত নগাঁও জিলাৰো ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোক আছে ।
জানিব পৰা মতে, নগাঁও জিলাৰ পৰা ৪৭ জন লোক দিল্লীৰ নিজামউদ্দিনত অনুষ্ঠিত তবলিগী জামাতলৈ যোৱা ফেব্ৰুৱাৰী মাহৰ শেষৰ ভাগত গৈছিল। ইয়াৰে নগাঁও সদৰ মাৰ্কাজৰ অন্তৰ্গত ২০ গৰাকী আৰু ৰূপহী মাৰ্কাজৰ অন্তৰ্গত ২৭ গৰাকী লোক আছে। অৱশ্যে ৰূপহী মাৰ্কাজৰ অন্তৰ্গত ২৭ গৰাকীৰ ভিতৰত পুৰণিগুদাম অঞ্চলৰ ৮ গৰাকী লোক হাৰিয়ানাস্থ তবলিগী জামাতত আছে।
নগাঁও আৰু ৰূপহী মাৰ্কাজ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, নিজামুদ্দিনৰ তবলিগী জামাতলৈ যোৱা কোনো লোক বৰ্তমানলৈকে অসমলৈ ঘুৰি অহা নাই। আটাইকেইজন লোক সুৰক্ষিত হৈ আছে বুলিও জামাত কৰ্তৃপক্ষই জানিবলৈ দি কয় যে ধৰ্মীয় কামত গৈ দেশজুৰি হঠাৎ হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত দিল্লীতে লোকসকল আবদ্ধ হৈ পৰিব লগা হৈছে।
নগাঁৱৰ কোনো লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত নগাঁও মাৰ্কাজৰ বিষয়ববীয়া মৌলানা ফৰিদে কয় যে বৰ্তমানলৈকে তেনে কোনো খবৰ অহা নাই যদিও কাইলৈৰ ভিতৰত বিষয়টো স্পষ্ট হৈ পৰিব।













