ASSAM TIMES POST
শুৱালকুছিঃ কৰ’না ভাইৰাছ (কভিড-১৯)ৰ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশত লকডাউন ঘোষণা কৰাৰ পিছত দেশৰ লগতে ৰাজ্যৰ বহু সাধাৰণ মানুহে বিপদত পৰিছে ৷ লগডাউন ঘোষণাৰ ফলত কামৰূপ জিলাৰ কিছমৎ বংশৰ, কমদমতী , কলবাৰী অঞ্চলৰ দিনহাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা প্ৰায় ৪৫ ঘৰ ৰাইজৰ মাজত অঞ্চলটো সমাজহিতৈষী যুৱ সমাজকৰ্মী কিশোৰ মালাকাৰ, মৃদুল কলিতা, ৰাতুল মালাকাৰৰ নেতৃত্বত, গন্ধমৌ পঞ্চায়তৰ আঞ্চলিক সদস্যা উৎপলা মালাকাৰ, পঞ্চায়ত সদস্য মঞ্জু মালাকাৰৰ সহযোগত আজি উক্ত অঞ্চলৰ গাঁৱৰ ৰাইজৰ মাজত ঘৰে ঘৰে গৈ দালি-চাউলৰ লগতে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ বিতৰণ কৰে ।

সাধাৰণ দৰিদ্ৰ পৰিয়ালৰ মাজত,খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দিয়ে ৷ যুৱ নেতা কিশোৰ মালাকাৰে কয় যে, যি সময়ত কৰোণা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে সেই সময়তে দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰোধৰ বাবে লকডাউন ঘোষণা কৰাত সাধাৰণ লোক গাঁথিৰ ধনেৰে দুবেলা দুমুঠি খাব ৷ কিন্তু সাধাৰণ দৰিদ্ৰ ৰাইজৰ বাবে আজি আমি এই ক্ষুদ্ৰ প্ৰয়াস কৰিছো আৰু ইয়াৰ জৰিয়তে কিছু হলেও সকাহ পাব ৷
আগলৈ এনেদৰে সহায় সহযোগ কৰি যাব বুলি তেওঁ ব্যক্ত কৰে ৷ ৰাইজৰ মাজত নিত্যপ্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰি দৰিদ্ৰ পৰিয়ালসমূহক সকাহ দিয়াত যুৱ সমাজকৰ্মী কেইজনৰ মহানুভৱতাক অঞ্চলৰটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰে ।













