ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাত : অসমৰ প্ৰথমজন কৰ’না আক্ৰান্ত ৰোগী ধৰা পৰা বুলি স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতে বোকাখাতত সৃষ্টি হৈছে গভীৰ আতংকৰ । দিল্লীৰ পৰা উভতি আহি চিনাক্তকৰণ হ’ল অসমৰ প্ৰথমজন কৰ’না আক্ৰান্ত ৰোগী আৰু একে সময়তে দিল্লীৰ পৰাই উভতি অহা বোকাখাতৰ বৰচাপৰি চাহবাগিছাৰ সহ-পৰিচালকৰ দায়িত্বত থকা জনৈক যোশী উপাধিধাৰী ব্যক্তিগৰাকীৰ কথা পোহৰলৈ আহিছে ।
জানিব পৰা মতে, পূৰ্বতে নুমলীগড় চাহ বাগিছাৰ পৰিচালকজন বৰ্তমান বৰচাপৰি চাহ বাগিছাত কৰ্মৰত আৰু বোকাখাত মহকুমা স্বাস্থ্য বিভাগৰ পৰা পোৱা তথ্য মতে বিগত প্ৰায় এসপ্তাহ ধৰি তেখেতক নিজা বাসস্থানতে বোকাখাত মহকুমা স্বাস্থ্য বিভাগৰ তত্বাৱধানত কোৱাৰেণ্টাইনত ৰাখি পৰ্য্যবেক্ষণ কৰি থকা হৈছিল। কিন্তু মহকুমা প্ৰশাসনৰ পৰা পোৱা তথ্য মতে আৰু জনৈক যোশী উপাধিধাৰী সহ-পৰিচালকজনে জনোৱা মতে তেখেত নিজামুদ্দিনৰ নামাজত অংশগ্ৰহণ কৰা নাছিল।
তদুপৰি তেখেত বৰচাপৰিলৈ উভতি অহাৰ পিছতে বোকাখাত মহকুমা স্বাস্থ্য বিভাগে কৰোৱা প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষাত এই সংক্ৰান্তীয় কোনো লক্ষণ দেখা নগৈছিল। উল্লেখ্য যে, বৰ্তমান সদ্য চিনাক্তকৰণ হোৱা অসমৰ প্ৰথমজন কৰ’না আক্ৰান্ত ব্যক্তিয়ে একেটা নিজামুদ্দিনৰ অঞ্চল পৰিভ্ৰমণ কৰি অহা হেতুকে সাম্প্ৰতিক পৰিস্থিতিয়ে সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাখনলৈকো আতংক কঢ়িয়াই আনিছে। আনহাতে বোকাখাত মহকুমা স্বাস্থ্য বিভাগৰ পৰা শেহতীয়াকৈ জানিব পৰা মতে এই আতংকৰ হেতু পুণৰবাৰ স্বাস্থ্য পৰীক্ষাৰ বাবে তেখেতক গোলাঘাটলৈ প্ৰেৰণ কৰা হৈছে।













