ASSAM TIMES POST
নগাঁও : সমগ্ৰ দেশজুৰি লকডাউন ঘোষণা কৰাৰ পিছত এতিয়া নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিনহাজিৰ, বজাৰত শাক-পাচলি বিক্ৰী আৰু আনৰ ঘৰত কাম কৰি কোনো মতে দুবেলা দুমুঠি খাই পেট-প্ৰৱৰ্তন কৰি অহা লোকসকলৰ জীৱনলৈ যেন ঘোৰ অমানিশা নামি আহিছে । জানিব পৰা মতে, বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কন্দলি, তপতজুৰি, হায়াংথল, শুকানজুৰি, বালিজুৰি, জীয়াজুৰি, চিলফাটা, নাহৰবাৰী, হাতীখলি আদি কাৰ্বি আংলং সীমান্তৱৰ্তী এই বৃহৎ বৃহৎ গাঁও আৰু বস্তীসমূহত বসবাস কৰা দিন হাজিৰা কৰি কোনোমতে পৰিয়াল চলাই থকা হেজাৰ-হেজাৰ দৰিদ্ৰ পৰিয়ালে এতিয়া লকডাউনৰ ফলত তীব্ৰ খাদ্য সংকটত পৰি এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰিবলগা হৈছে ।
উল্লেখ্য যে, এইগৰাকী বিধায়কেই যোৱা ৩০ বছৰে সমষ্টিটোৰ পৰা নিৰ্বাচিত হৈ নিজৰ সমষ্টিটোৰ উন্নয়নৰ কথা নভবাৰ পৰিণতিতেই বঢ়মপুৰ সমষ্টিটো অসমৰ ভিতৰতেই আটাইতকৈ পিছপৰা সমষ্টিৰ অন্যতম হিচাপে পৰিগণিত হৈছে। এই প্ৰতিবেদকে চলোৱা চৰজমিন তদন্তত, সমষ্টিটোৰ অন্তৰ্গত প্ৰায়বোৰ দৰিদ্ৰ পৰিয়ালৰ ভাষ্য অনুসৰি, এইগৰাকী বিধায়কে লকডাউনৰ সময়ত তেওঁলোকৰ কাষত উপস্থিত হোৱাটো বাদেই এতিয়ালৈকে খবৰ ল’বলৈও আহৰি নহ’ল । এইক্ষেত্ৰত নগাঁও জিলাৰ উপায়ুক্তগৰাকীক দুখীয়া ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ সকলো ৰাইজে কৰযোৰে অনুৰোধ জনাইছে ।













