ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাতঃ ‘অ’ ছাৰ মই টিংটং, ছাৰ মাকে অলপ পাকঘৰৰ বজাৰ দিবনে, নাখাই থাকিব লগা হৈছে, অনুৰোধ কৰিছো’। এয়া কোনো বোলছবিৰ নায়কৰ সংলাপ নহয়। এগৰাকী ৰাজ্যখনৰ সকলোৰে পৰিচিত দুৰ্ভগীয়া কৌতুক অভিনেতাই যাৱা ২৮ মার্চত বোকাখাত মহকুমাৰ বৃহত্তৰ কমাৰগাঁও অঞ্চলৰ কেইজনমান শিক্ষিত নিবনুৱাই জন্ম দিয়া বে-চৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ‘প্রজন্ম’ৰ সভাপতি ৰিন্টু দুৱৰালৈ দিয়া ৱাটচ এপ বার্তা । গুৱাহাটীৰ সৰুমটৰীয়া নিবাসী এই কৌতুক অভিনেতাজনৰ নাম ছামচুল আলী ওৰফে টিংটং।
উল্লেখ্য যে, এসময়ত ‘জীৱন সাথী’, ‘ডার্লিং নম্বৰ ৱান’, ‘অপৰাধ কি দুনীয়া’, ‘মেনচন’ আদি বোলছবিৰ লগতে কেইবাখনো ভিচিডি আৰু চিৰিয়েলত অভিনয় কৰা কৌতুক অভিনেতা তথা শিল্পী টিংটং আজি কিছু বছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ পানীত হাঁহ নচৰা অৱস্থা। এটি ৰোগত আক্রান্ত হৈ বর্তমান শৰ্যাশায়ী অভিনেতা টিটঙে এটা সৰু কোঠালীত গুৱাহাটীৰ সৰুমটৰীয়াত ভাড়া লৈ পত্নীৰ সৈতে জীৱন সংগ্রাম চলাই আছে। পত্নী ৰুমাই আনৰ ঘৰত দিন হাজিৰা কৰি ঘৰ ভাড়াৰ পৰা খোৱা, পিন্ধা আদি কৰি সমস্তবোৰ যেনেতেনে যোগাৰ কৰি আছে। কিন্তু ভূতৰ ওপৰত দানৱ পৰাদি সমগ্র বিশ্বতে কৰ’না ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰাত ভাৰতবর্ষত ৰাষ্ট্রজুৰি লকডাউন চলি থকাত পত্নী ৰুমাই কাম কৰিবলৈ যাব নাৱাৰাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে টিংটঙৰ।

উল্লেখ্য যে, এক ব্যক্তিগত প্রচাৰ মাধ্যমৰ পৰা শিল্পীজনৰ কৰুণ জীৱন গাথাঁ জানিব পাৰি যোৱা বৰ্ষৰ ৩ মার্চত ‘প্ৰজন্ম’ৰ সভাপতি ৰিন্টু দুৱৰা, সম্পাদক সাগৰজ্যোতি হাজৰিকা, দীপাঙ্কৰ মৰাং, সৌৰভ কাকতিয়ে গুৱাহাটীৰ সৰুমটৰীয়াৰ ভাড়াগৃহলৈ গৈ মহানগৰৰ সাংবাদিক পলাশজ্যোতি গগৈৰ উপস্থিতিত শিল্পী টিংটঙক এখন হুইল শ্বেয়াৰ, বস্ত্র প্রদান কৰাৰ লগতে পত্নীকো বস্ত্র প্রদান কৰিছিল। পুণৰ এতিয়া অর্থ সংকটত ভোগা শিল্পী টিংটঙে ‘প্রজন্ম’লৈ পুণৰ সহায়ৰ আহ্বান জনোৱাত বে-চৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ‘প্রজন্ম’ই এই দুখ লগা ৱাটচ এপ বার্তাটো লাভ কৰি টিংটঙক পুনৰ সহায় কৰাৰ আশ্বাস প্রদান কৰে। ‘প্রজন্ম’ৰ জড়িয়তে টিংটঙৰ অৱস্থা জানিব পাৰি ৬ জনকৈ যুৱক বৰপথাৰৰ পার্থ দত্ত, পলাশজ্যোতি বৰা, দীপাংকৰ বৰা, পৰীক্ষিত বৰা, দ্বীপেন বাইলুঙে একত্ৰিত হৈ ৫ হাজাৰ টকা আৰু বনগাঁৱ যুৱ ঢুলীয়া শিল্পী উৎপল বৰাই পাঁচশ টকা যোৱা ৩০ মাৰ্চত টিংটঙক খাদ্য সামগ্রী প্রদান কৰিবৰ বাবে ‘প্রজন্ম’ৰ সভাপতি ৰিণ্টু দুৱৰা, কার্যকৰী সভাপতি অংকুৰ ৰাজ ফুকন আৰু সম্পাদক সাগৰজ্যোতি হাজৰিকাৰ হাতত অৰ্পণ কৰে।
উল্লেখ্য যে, লকডাউন চলি থকাৰ বাবে ‘প্রজন্ম’ৰ কোনো সদস্য যাব নোৱাৰাত গুৱাহাটীস্থ সাংবাদিক তথা ‘প্রজন্ম’ৰ অন্যতম শুভাকাংক্ষী পলাশজ্যোতি গগৈ, ৰাজদ্বীপ চেতীয়া ফুকন আৰু ৰ’জী বৰুৱাৰ যোগেদি দুটা পর্যায়ত সমুদায় পাঁচ হাজাৰ পাঁচশ টকাৰে খাদ্য সামগ্রী ক্রয় কৰি টিংটঙক অতি শীঘ্রে প্রদান কৰিব বুলি সংবাদ মাধ্যমক জ্ঞাত কৰিছে। ‘প্রজন্ম’ৰ বদান্যতা প্রদর্শন কৰা গৰিয়া বৰ পথাৰৰ পাৰ্থ দত্ত, পলাশজ্যোতি বৰা, দীপাংকৰ বৰা, পৰীক্ষিত বৰা, দ্বিপেন বাইলুং আৰু বনগাঁৱৰ যুৱ ঢুলীয়া শিল্পী উৎপল বৰাক ভূয়সী প্রশংসা কৰিছে।













