ASSAM TIMES POST
নগাঁও : মহামাৰী ৰূপধাৰণ কৰা মাৰত্মাক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ আশংকাত ভুগিছে নগাঁও জিলাবাসী। বিশেষকৈ দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তৱলিকী জামাতত অংশগ্ৰহণ কৰা অসমৰ কেইবাগৰাকী লোকৰ দেহত ক’ভিড-১৯ ভাইৰাছ থকা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰাৰ পিছৰ পৰাই নগাঁও জিলাবাসী আতংকিত হৈ পৰিছে।
স্মৰ্তব্য যে, নিজামুদ্দিনৰ তৱলিকী জামাতত নগাঁৱৰ অৰ্ধশতাধিক লোকে অংশগ্ৰহণ কৰিছিল আৰু তাৰ ভিতৰৰ একাংশ লোকে ঘৰলৈ ওভটি আহি স্বাস্থ্য পৰীক্ষা নকৰাকৈ কিম্বা হোম কোৱাৰেন্টাইন নকৰাকৈ মুক্ত ভাৱে ঘূৰি ফুৰিছিল ।ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া জিলা খনৰ গাঁৱে গাঁৱে, আলিয়ে গলিয়ে ভয়াৰ্ত ৰাইজে গাঁৱৰ প্ৰৱেশ পথত বাঁহ বান্ধি সংশ্লিষ্ট এলেকাৰ বাহিৰে আন যি কোনো লোকৰেই প্ৰৱেশ নিষিদ্ধ কৰিছে নিজা গাঁৱত।
ইপিনে, বহি:ৰাজ্যৰ পৰা উভটি আহি স্বাস্থ্য পৰীক্ষা নকৰাকৈ, হোম কোৱাৰেন্টাইন নকৰাকৈ থকা মুঠ ১৬৭ জন লোকক আজিৰ দিনটোৰ ভিতৰতে জিলা খনৰ বিভিন্ন ভিন্ন চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি হোম কোৱাৰেন্টাইনৰ পৰামৰ্শ দিয়া হয়। ইপিনে, আজিও নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত দুজন আৰু উজৰাগাঁও চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৫ জন আৰু ধিং এফআৰইউত ৮ জনক ভৰ্তি কৰোৱা হৈছে।
তেওঁলোক হ’ল ৰাজ কুমাৰ দাস(৩৫), বিবেক সিং(৩৫), নুৰ জাহান বেয়ান (৪৮), ইফচিয়াল আনচাৰী (১৯), আমিৰ হুছেইন (৭০), বাবুল হুছেইন (৫০), ইনামুল হক (২৫), নিজামুদ্দিন (৩২), নাজমিন ফাৰুকী (৩৩) ,কৰিমা খাতুন(২৫), চাহাৰা খাতুন (৪০), নেইমা আখতাৰ (৮) , কৰিজুল হক (৪) আৰু নিহাৰ আঞ্জুম (১০) । ইপিনে জিলা খনৰ ভিন্ন চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্তি হৈ থকা ছজন লোকৰ যাবতীয় নমুনা পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পাইছে। সেই অনুসৰি, এই লোক সকলৰ দেহত ক’ভিড-১৯ ভাইৰাছ নথকাটো নিশ্চিত হৈছে।













