ASSAM TIMES POST
নগাঁও : সমগ্র বিশ্ব ব্যাপি মহামাৰী ৰূপ ধাৰণ কৰা মাৰত্মাক কৰোনা ভাইৰাছ কোভিড -১৯ ত অসমৰ বিভিন্ন স্হানৰ কেইবাগৰাকী লোক ইতিমধ্যে আক্ৰান্ত হৈছে । কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে যাবতীয় পদক্ষেপ গ্ৰহন কৰি আহিছে ।এই ক্ষেত্ৰত ৰাইজ আংতকিত নহব, মাথো সকলো সজাগ আৰু সচেতন হওক ।
এই আহ্বান নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ । আজি সংবাদ মাধ্যমৰ আগত এই আহ্বান জনাই বিধায়ক শৰ্মাই কয় যে এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ লগতে চিকিৎসা সেৱা যথোপযুক্ত কৰি তোলাৰ বাবে অসম চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে ব্যৱস্থা গ্ৰহন কৰিছে। চিকিৎসা সেৱাৰ লগতে জনজীৱন স্বাভাৱিক কৰি ৰখাৰ বাবে চৰকাৰক বৃহৎ পৰিমাণৰ অৰ্থৰো প্ৰয়োজন।সেয়ে সমগ্ৰ বিষয়টো উপলব্ধি কৰি ভালেসংখ্যক ব্যক্তি আৰু অনুষ্ঠান- প্ৰতিষ্ঠানে এই দুৰ্যোগৰ সময়ত চৰকাৰে গঠন কৰি দিয়া ‘অসম আৰোগ্য নিধি’লৈ আৰ্থিক অনুদান আগবঢ়াইছে।

চৰকাৰৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই নগাঁৱৰ ‘আকাশ হুন্ডাই’ নামৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বতাধিকাৰী দিগন্ত বৰুৱাই অসম আৰোগ্য নিধিলৈ এক লাখ এক হাজাৰ এশ এঘাৰ টকা , ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাৰ লগতে মহাবিদ্যালয় খনৰ অধ্যাপক-অধ্যাপিকা আৰু কৰ্মচাৰী সকলে ডেৰ লাখ টকা, নগাঁও ব্যৱসায়ী কমিটিয়ে পঞ্চাশ হাজাৰ টকা,নগাঁও বেঙ্গলী সন্হাই পয়সত্তৰ হাজাৰ টকা, নগাঁও ব্যপ্তিচ চাৰ্চে একাৱন্ন হাজাৰ টকা,নগাঁও জিলা ট্ৰেভেল এজেন্সীৰ মালিক সন্হাই এক লাখ টকা,বৰকলাৰ অসমীয়া শিখ সমাজে একৈশ হাজাৰ টকা, শেনচোৱা শংকৰদেৱ শিশু নিকেতনে একৈশ হাজাৰ টকা, বৰপাঠৰি ঘুৰিয়াগাঁওৰ ডাউকা চাপৰি সত্ৰ পৰিচালনা সমিতিয়ে দহ হাজাৰ টকা, বাসৱী দাসে দত্তই পঞ্চাশ হাজাৰ টকা, বলু বৰাই পঞ্চাশ হাজাৰ টকা,জ্যোতি প্ৰসাদ বৰাই দহ হাজাৰ টকা , , সুৰক্ষা মেডিশ্বপে ৫১ হাজাৰ টকা , , ফ্ৰেছ এগ ট্ৰেড্ৰাছে ৫১ হাজাৰ আৰু ৰাম কৃষ্ণ সেৱা সমিতিয়ে ২৫ হাজাৰ টকা সাহাৰ্য চেকযোগে আগবঢ়ায়।
উল্লেখিত ব্যক্তি আৰু প্ৰতিষ্ঠান সমূহে বিধায়ক শৰ্মাৰ জৰিয়তে ‘অসম আৰোগ্য নিধি’লৈ চেক প্ৰেৰন কৰিছে । ইয়াৰোপৰি বিভিন্ন ব্যক্তি তথা অনুষ্ঠান-প্ৰতিষ্ঠানে একাউন্টৰ জৰিয়তে আৰু নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে চৰকাৰৰ এই নিধিলৈ আৰ্থিক সাহাৰ্য আগবঢ়াইছে।এই সকলো ব্যক্তি তথা অনুষ্ঠান- প্ৰতিষ্ঠানক কৃতজ্ঞতা জ্ঞাপন কৰি বিধায়ক গৰাকীয়ে পুনৰ কয় যে বৰ্তমান আমি সকলো এক জটিল পৰিবেশৰ মাজত আছো ।
সেয়ে সকলোৱে নিজকে এই জটিল পৰিবেশৰ পৰা সুৰক্ষিত ৰাখিবৰ বাবে নিজকে ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখক। আনহাতে আৰ্থিক ভাবে দুৰ্বল লোক সকলৰ প্ৰতি সহানুভূতিশীল হবলৈ আৰ্থিক আহ্বান জনাই বিধায়ক গৰাকীয়ে কয় যে এনে বহু পৰিয়াল আছে যি এই “লক ডাউনৰ” সময়ছোৱাত বহু কষ্টৰ মাজত থাকিব লগা হৈছে ।এসাজ অন্নৰ বাবে চিন্তা কৰিবলগীয়া হৈছে। তেনে পৰিয়ালক পাৰ্যমানে সহায় কৰিবৰ বাবে বিধায়ক গৰাকীয়ে সকলো পক্ষকে আহবান জনায় ।













