ASSAM TIMES POST
ডিফু : লকডাউনৰ বাবে ধৈৰ্যচ্যুতি হেৰুৱাইছে একাংশ লোকে ৷ মাৰাত্মক কৰ’না ভাইৰাছৰ ত্ৰাসৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে আহ্বান জনোৱা একাংশ লোক বহিঃৰাজ্যত আৱদ্ধ হোৱাৰ লগতে বিভিন্ন ঠাইত আৱদ্ধ হৈ পৰাৰ সময়তে বৃহস্পতি সন্ধিয়া সূদূৰ ডিমাপুৰৰ পৰা খোজকাঢ়ি আহি ৭ জনকৈ শ্ৰমিক ডিফুত উপস্থিত হয় ৷
ডিফু আৰক্ষীয়ে যুৱক কেইজন ডিফুত উপস্থিত হোৱাৰ সম্ভেদ লাভ কৰি ডিফু কাছা ষ্টেডিয়ামৰ কাষৰ পৰা যুৱক কেইজনক উদ্ধাৰ কৰি ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত কৰ’নাৰ বাবে স্কেনিং কৰাই আজি পুৱা জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াৰ অনুমতি সাপেক্ষে ষ্টেছনৰ কাষতে থকা লভিনা হোটেলত ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টাইন কৰে ৷
হোম কোৱাৰেণ্টাইন কৰা আটাই কেইজন যুৱক পশ্চিম কাৰবি আংলঙৰ সাতগাওঁৰ ৷ যুৱক কেইজন ক্ৰমে, ফাইজলাছ মাৰাক (২২), লৰেন্স চাংমা, (১৮), চালডিপছন চাংমা (২৩), লিপটন মাৰাক (২৬), লিবাৰচন চাংমা, ৱিষ্টন মাৰাক ( ১৮) আৰু আইৱিল চাংমা( ২৫) বুলি জানিব পৰা গৈছে ৷













