ASSAM TIMES POST
অজন্তা তালুকদাৰ
ৰাজ্যখনৰ ভিতৰত গোলাঘাট জিলাত ক’ভিড-১৯ত আক্ৰান্ত ধৰা পৰাৰ পাছত জিলাখনৰ সৰ্বস্তৰতে এতিয়া কেৱল আতংক। দিল্লীৰ ধৰ্মীয় অনুষ্ঠানত ভাগ ল’বলৈ যোৱা এই সকলৰ ওপৰিও বাকী প্ৰায় দেৰশ গৰাকী লোক নিখোজ হৈ থকাৰ বাবে ৰাজ্য জুৰি ব্যাপক উৎকণ্ঠা হৈ আছে।
এই সময়তে আজি পুৱা বোকাখাতৰ ৰজাবাৰীত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে চাৰিজনকৈ অচিনাক্ত যুৱক। ততাতৈয়াকৈ গাঁওৰক্ষী বাহিনীক খবৰ দিয়াত গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিয়ে। পাছত অচিনাক্ত যুৱক কেইজনক এম্বুলেঞ্চেৰে বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
মুচলমান সম্প্ৰদায়ৰ যুৱককেইজন দিল্লীৰ ধৰ্মীয় সভালৈ গৈ ঘূৰি আহি আত্মগোপন কৰি থকা বুলি স্থানীয় লোকে সন্দেহ কৰিছিল যদিও বোকাখাত চিকিৎসালয় সূত্ৰই এই আশংকা দূৰ কৰিছে। প্ৰকৃতাৰ্থত এওঁলোক দেৰগাঁৱৰ ফালে কোনোবা মালিকৰ অধীনত কাম কৰিছিল। মালিকে ৰেচনকে ধৰি সকলো সুবিধা বন্ধ কৰি দিয়াত খোজকাঢ়ি দেৰগাঁৱৰ পৰা মৰিগাঁৱলৈ যাবলৈ আহিছিল।













