ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
৮ জনকৈ কৰ’ণা ভাইৰাছ পজিটিভ ৰোগী গোলাঘাট জিলাত ধৰা পৰাৰ পাছতো যেন একাংশৰ গালৈ চেতনা অহা নাই। বোকাখাতৰ ৰাজপথ, উপপথ জনশূণ্য হৈ পৰাৰ বিপৰীতে গাঁৱে গাঁৱে এতিয়া মদৰ প্লাৱন। বোকাখাত আৰক্ষীয়ে নিৰবিচ্চিন্নভাৱে উচ্ছেদ অব্যাহত ৰখাৰ সময়তো দুঃসাহসেৰে অব্যাহত ৰাখিছে চুলাই প্ৰস্তুত, বিতৰণ আৰু সেৱন। আজিও বোকাখাত যান বাহন আৰক্ষীৰ দলে বোকাখাতৰ ৰজাবাৰীৰ ভকত চাপৰিত চলাইছে উচ্ছেদ অভিযান।

বৰ্তমান চুলাই উৎপাদনৰ ‘ৰেড লাইট এৰিয়া’ ৰূপে চিহ্নিত হোৱা ভকত চাপৰিত লক-ডাউনৰ এই সময়ছোৱাত কমেও ৫০ টা চুলাই ভাটী ভঙাৰ বিপৰীতে আজি উচ্ছেদ কৰিছে ৮ টাকৈ ঘাটি। মাটিৰ তলত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰিছে ‘চাপ্লাই’ৰ বাবে সাজু কৰি ৰখা প্ৰায় চাৰি হাজাৰ লিটাৰ চুলাই আৰু চুলাই বনাবলৈ গেলাই থোৱা ‘পাচ’। ডাঙৰ কথাটো হৈছে সাধাৰণ মদ্যপায়ীৰ পৰা ভব্য গব্য লোকলৈকে একাংশই ভীৰ কৰিছে মদৰ ঘাটি সমূহত।
একাংশই আকৌ ৰাজনৈতিক প্ৰভাৱো দেখুৱাবলৈ কুণ্ঠিত হোৱা নাই। ভকত চাপৰিৰ লগতে বোকাখাতৰ আমটেঙাতো আজি উদ্ধাৰ কৰিছে একাধিক ভাটী। এই অভিযান কালত আৰক্ষীয়ে চাৰি হাজাৰ লিটাৰ চুলাই আৰু ‘পাচ’ উদ্ধাৰ কৰি নষ্ট কৰাৰ লগতে ৭০ কেজি গুড় জব্দ কৰিছে। এই সংকটকালত দেশৰ প্ৰধানমন্ত্ৰী, ৰাজ্য চৰকাৰ উদ্বিগ্ন হৈ থকাৰ সময়ত এইদৰে চলিছে বোকাখাতত চুলাইৰ ৰমৰমীয়া বেহা।













