ASSAM TIMES POST
নিউজ ডেস্ক
মাৰাত্মক ক’ৰনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশৰ লগতে ৰাজ্যত ব্যাপক তৎপৰতা।যোৱা ২৪মার্চ পৰা ২১দিনীয়াকৈ দেশ জুৰি কাৰ্যকৰি হৈছে লকডাউন।লক ডাউনৰ সময়ত দেশবাসীক বাৰে বাৰে কোৱা হৈছে ঘৰৰ বাহিৰ নহব।একমাত্ৰ জৰুৰীকালীন সেৱা আৰু খাদ্য সামগ্ৰী ক্ৰয় কৰা বাবে আহিব পাৰিব ওলাই।
ইফালে এই সময়ত মহামাৰী ক’ৰনাক বা কভিড-১৯ৰ সন্দৰ্ভত কোনো লোকে যাতে সমাজিক মাধ্যমত ভুৱা প্ৰচাৰ নচলাই তাৰ বাবে ৰাজ্য আৰক্ষী প্ৰশাসনৰ ফালৰ বাৰে বাৰে জনোৱা হৈছে আহ্বান।তাৰ পাছতো একাংশ দুষ্ট চক্ৰই সামাজিক মাধ্যম ফেচবুককে ধৰি অন্যান্য ছাইট সমূহত চলাই আছে ভুৱা প্ৰচাৰ।তেনে ব্যক্তি তথা দুষ্ট চক্ৰ সমূহৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম আৰক্ষী।
অসম আৰক্ষীৰ ফালৰ পৰা আজি দিনটোত টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰা খবৰ অনুসৰি “বৰ্তমানলৈ এই ভুৱা খবৰ প্ৰচাৰৰ সন্দৰ্ভত ৰাজ্যত ৭টাকৈ গোচৰ পঞ্জীয়ন হৈছে আৰু ৪জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে”। টুইটটোত লগতে পুনৰ ৰাইজলৈ আহ্বান জনায় উল্লেখ কৰিছে “নাগৰিকসকলক অনুৰোধ জনাইছো তেওঁলোকে যাতে যিকোনো অসত্য তথ্য ফৰৱাৰ্ড অথবা প্ৰম’ট কৰাৰ পৰা বিৰত থাকে”।
উল্লেখ যে শেহতীয়া ভাৱে ৰাজ্যত ক’ভিড-১৯ আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে ২০জনলৈ।দেশতো ভয়ংকৰ হাৰত বৃদ্ধি পাইছে আক্রান্ত সংখ্যা।













