ASSAM TIMES POST
বোকাখাত : বিশ্ব ব্যাপি আতংক সৃষ্টি কৰা কৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ চৰকাৰে লোৱা পদক্ষেপৰ সমান্তৰাল ভাৱে বোকাখাতৰ বিভিন্ন গাঁৱত প্ৰশাসন, অনুষ্ঠান, বা ব্যক্তিৰ সহযোগত আৰম্ভ হৈছে পৰিষ্কৰণৰ ব্যৱস্থা। বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত ৰাইজে নিজাববীয়াকৈ চেনিটাইজেশ্বনৰ ব্যৱস্থা কৰিছে ।
যোৱা ২ এপ্ৰিলত বোকাখাতৰ লখৌজান লক্ষ্মীপুৰ গাৱৰ সংবাদকৰ্মী অমৰ শৰ্মা, সমাজকৰ্মী মৃদুল শৰ্মা, মুনীন চেতিয়া আৰু বোকাখাত চি এন বি কলেজৰ অধ্যাপক ফাল্গুন চেতিয়াৰ উদ্যোগত গাওঁখনৰ প্ৰায় ৭০ ঘৰত চেনিটাইজাৰ স্প্ৰে কৰা হয় ।
গাঁৱৰ মুলতঃ দুটাকৈ চুবুৰীৰ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ বাসগৃহত পৰিষ্কৰণৰ লগতে কৰোণা ভাইৰাছ সম্পৰ্কে সজাগতা, ল’বলগীয়া সাৱধানতা আৰু হাত ধোৱা সম্পৰ্কে প্ৰয়োজনীয় ব্যবস্থাৰ বিষয়ে প্ৰচাৰ চলায়। সম্পূৰ্ণ নিজা প্ৰচেষ্টাত ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ বাবে গাঁৱৰ ৰাইজে উদ্যোক্তা সকলৰ শলাগ লৈছে। এই কাৰ্যসূচী এসপ্তাহৰ অন্তত পুণৰ কৰা হ’ব বুলি জনাইছে যুৱক সকলে ।













